25 C
Guwahati
Thursday, October 21, 2021
More

    ভাৰতৰ বিৰোধিতা কৰিবলৈ গৈ পোষ্ট কৰিলে Porn Starৰ ফটোহে, এই লজ্জানত কাণ্ড কৰিলে পাকিস্তানে

    তেওঁৰ নিজৰ ভুলৰ অনুভৱ হোৱাত লগে লগে পোষ্টটো টুইটাৰৰ পৰা আঁতৰাই দিয়ে। কিন্তু পোষ্টটো আঁতৰোৱাৰ পূৰ্বে বিভিন্নজনে তেওঁৰ সেই পোষ্টটোৰ লৈছিল স্ক্ৰীণশ্বট

    ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীতিৰ বিৰোধিতাৰ কৰিবলৈ গৈ পাকিস্তানৰ প্ৰাক্তন গৃহ মন্ত্ৰী তথা চিনেটৰ আব্দুল ৰহমান মালিকে সোমবাৰে এগৰাকী Porn Starৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে। ফটোখন শ্বেয়াৰ কৰাৰ লগে লগে ট্ৰল হৈ পৰিল প্ৰাক্তন গৃহ মন্ত্ৰীগৰাকী। অক্ষয় নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে আব্দুল ৰহমান মালিকক টেগ কৰি লিখিলে, ‘ছাৰ, ভাৰতীয় আঞ্চলিক চলচ্চিত্ৰৰ প্ৰভাৱশালী অভিনেত্ৰীসকলে হিজাব পিন্ধি CAAৰ বিৰোধিতা কৰা ভাৰতীয় মুছলমানসকলৰ সৈতে একতা প্ৰদৰ্শন কৰিছে। তেওঁক শ্বেল্যুট, অতি শীঘ্ৰে মোদীয়ে পদত্য়াগ কৰিব।’

    ইয়াৰ উত্তৰত ফটো পোষ্ট কৰি Federal investigative agencyৰ প্ৰাক্তন বিষয়া ৰহমান মালিকে লিখিলে, ভগৱানে তাইক মংগল কৰক।’

    দৰাচলতে এই তিনিখন ফটো পৃথক-পৃথক যুৱতীৰ আছিল। ইয়াৰ ভিতৰত দুগৰাকী পৰ্ণষ্টাৰ আছিল মিয়া খলিফা আৰু নাদিয়া আলী।

    তেওঁৰ এই পোষ্টটোত টুইটাৰ ব্যৱহাৰকাৰীসকলে তেওঁক হাঁহিয়াতৰ পাত্ৰ কৰি তুলিলে। তেওঁৰ নিজৰ ভুলৰ অনুভৱ হোৱাত লগে লগে পোষ্টটো টুইটাৰৰ পৰা আঁতৰাই দিয়ে। কিন্তু পোষ্টটো আঁতৰোৱাৰ পূৰ্বে বিভিন্নজনে তেওঁৰ সেই পোষ্টটোৰ লৈছিল স্ক্ৰীণশ্বট। ইয়াৰ পিছত তেওঁক ধাৰাৱাহিকভাৱে ট্ৰল কৰিব আৰম্ভ কৰিলে।

    Photo credit: indiandefencenews

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং