ভাৰতীয় ক্ৰিকেট দলৰ এসময়ৰ প্ৰাক্তন অপেনাৰ ভি বি চন্দ্ৰশেখৰে আত্মহত্যাৰ দৰে চৰম পথ বাচি লোৱাৰ এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰে চেন্নাইৰ মাইলাপোৰস্থিত নিজ বাসগৃহত চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় প্ৰাক্তন ক্ৰিকেটাৰ ভি বি চন্দ্ৰশেখৰৰ মৃতদেহ।
মিডিয়া ৰিপৰ্ট অনুসৰি এই ঘটনা আত্মহত্যাৰ। ৭খন এদিনীয়া খেলিছিল এইগৰাকী ক্ৰিকেটাৰে। স্থানীয় আৰক্ষীয়ে জনোৱা অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে নিজৰ ৰূমৰ পৰা বহুসময় ধৰি নোলোৱাত পত্নীয়ে সন্দেহবশত খিৰিকীৰে জুমি চাইছিল আৰু চন্দ্ৰশেখৰক ফেনত ওলমি থকা দেখিছিল।
প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ মৃত্যুৰ পিছত শোকত ভাগি পৰিছে ক্ৰিকেট জগত। বহুকেইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ লগতে বৰ্তমানৰ ক্ৰিকেটাৰেও তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।