‘কংগ্ৰেছত থাকোতে যিসকলে ক্ষমতাৰ আটাইতকৈ বেছি সোৱাদ পাইছিল সেইসকলে এতিয়া ব্যক্তিগত লাভৰ বাবে বিজেপিলৈ গৈছে।’- এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে। দলত মতভেদ থাকিব পাৰে, সকলো ৰাজনৈতিক দলতে মতভেদ আছে, যিসকল বিজেপিলৈ গৈছে নিজৰ লাভৰ বাবে গৈছে, তেওঁলোকৰ বিৰূদ্ধে বহু অভিযোগ আছে, সময়ত ৰাইজে সিদ্ধান্ত ল’ব।’- মন্তব্য কংগ্ৰেছ নেতাগৰাকীৰ।
‘মই আজিও কংগ্ৰেছ দলতে আছোঁ, কংগ্ৰেছ দল ত্যাগ কৰি মই অন্য দলত যোৱাৰ কথা চিন্তা কৰা নাই, মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে একাংশই, মই অন্য দলত যোৱাৰ কোনো প্ৰশ্নই নুঠে।’- এই কথা প্ৰকাশ ঘাটোৱাৰৰ।
এটা দলৰ পৰা আনটো দলত নেতাৰ অহা যোৱা চলিয়েই থাকে এয়া কোনো নতুন কথা নহয়, স্বয়ং বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো অন্য দলৰ পৰা গৈ বিজেপি দলৰ মুখ্যমন্ত্ৰী হৈছে। দলীয় মতভেদ দলৰ ভিতৰত আলোচনা কৰি সমাধান কৰক, দলবিৰোধী কাৰ্যকলাপত জড়িত হৈ দলৰ ক্ষতি নকৰিব বুলি মন্তব্য কংগ্ৰেছ নেতা প্ৰকাশ ঘাটোৱাৰৰ।