27 C
Guwahati
Friday, September 30, 2022
More

    NRCক ৰিজেক্ট কৰিম বুলি কোৱা হিমন্ত বিশ্ব কোনঃ তৰুণ গগৈ

    হিমন্ত সাধু, ছিণ্ডিকেট চিনি নাপায়। প্ৰদ্যুতক চিনি নাপায়, কেতিয়াবা ক'ব হু ইজ তৰুণ গগৈ বুলি, দুই নম্বৰী পাৰ্টী বিজেপি, সৰ্বানন্দ আৰু পাটোৱাৰীও দুই নম্বৰী, সাৰদা চিনি নোপোৱা হিমন্ত তিনি নম্বৰী।'- সংবাদমেলত বিজেপিক তীব্ৰ কটাক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

    CAB আনিবলৈ উঠিপৰি লাগিছে বিজেপি। অসম চৰকাৰৰ দুৰ্বল নীতিৰ বাবে জাতি মাটি আৰু ভেটি সংকটত। কেন্দ্ৰ চৰকাৰৰ আদেশত কেবক সমৰ্থন কৰিছে ৰাজ্য চৰকাৰে। অসমীয়াৰ ধ্বংস যজ্ঞত অগপও চামিল হৈছে। মুখেৰে এটা ভিতৰি এটা অগপৰ। এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

    অগপৰ সমৰ্থন নাথাকিলে চৰকাৰে কেনেকে সমৰ্থন দিব বুলিও প্ৰশ্ন উত্থাপন গগৈৰ। কেবিনেট মন্ত্ৰী কেইজনে বিৰোধ কৰিলে চৰকাৰে নোৱাৰিলেহেতেন। পূৰ্বৰ প্ৰতিবাদবোৰো ভেকো ভাওনা। AASU, KMSS আৰু সাহিত্য সভাই পদক্ষেপ নোলোৱাতো দুৰ্ভাগ্যজনক। অকল বিজেপিক দোষাৰোপ কৰিলে নহ’ব। দল-সংগঠনো CABৰ বাবে দোষী হ’ব বুলি মতপ্ৰকাশ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

    ‘দল-সংগঠনৰ সৈতে হয়টো বুজাবুজি কৰিলে বিজেপিয়ে, সন্দেহ হৈছে কিবা লেনদেন হোৱাৰ।’- সন্দেহ প্ৰকাশ কৰিছে তৰুণ গগৈয়ে। বিজেপিৰ এক দেশ এক সংস্কৃতি, এক দেশ এক ভাষা, এক দেশ এক দল, এক দেশ এক নীতিয়ে সকলো শেষ কৰিব- বিজেপিক সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

    NRC Waste পেপাৰ কিয় হ’বলৈ পালে বুলি প্ৰশ্ন উত্থাপন গগৈৰ। অসম চুক্তিকে দলিয়াই পেলালে, কেব আহিলে NRCক দলিয়াই পেলোৱা ভাল। এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। অত্যাচাৰৰ বলি হৈ অহাসকল ৰিফিউজী, কিন্তু অসমত কিমান ৰিফিউজী আছে? দেখুৱাই দিয়ক, ৮৬ৰ পৰা ২০১৬লৈ ৰিফিউজিৰ বাবে আবেদন কোনে কৰিছে, বিজেপিয়ে নতুনকৈ মানুহ আনিব বিচাৰিছে, থকা খিনিকে একো দিব পৰা নাই, এতিয়া নতুনকৈ আনি সমস্যা বঢ়াব বিচাৰিছে, ইয়াৰ পৰিনাম ভুগিব খিলঞ্জীয়াই।’- এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

    NRCক ৰিজেক্ট কৰিম বুলি কোৱা হিমন্ত বিশ্ব কোন, এই বুলি হিমন্ত বিশ্বক তীব্ৰ কটাক্ষ গগৈৰ। আমি ৰিজেক্ট হোৱাতো বিচৰা নাই শুদ্ধ কৰাতো বিচাৰিছো, আমি বিচাৰো এখন শুদ্ধ NRC। হাউদী মোদী এখন ভাল নাটক, দুয়ো অভিনয় ভাল কৰিছে, অমিতাভতকৈ ভাল অভিনয় কৰিছে মোদীয়ে, ট্ৰাম্প আৰু এখোপ চৰা, নাটক এদিনতে ধৰা পৰিল।’- নৰেন্দ্ৰ মোদীক সমালোচনা তৰুণ গগৈৰ।

    হিমন্ত সাধু, ছিণ্ডিকেট চিনি নাপায়। প্ৰদ্যুতক চিনি নাপায়, কেতিয়াবা ক’ব হু ইজ তৰুণ গগৈ বুলি, দুই নম্বৰী পাৰ্টী বিজেপি, সৰ্বানন্দ আৰু পাটোৱাৰীও দুই নম্বৰী, সাৰদা চিনি নোপোৱা হিমন্ত তিনি নম্বৰী।’- সংবাদমেলত বিজেপিক তীব্ৰ কটাক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং