27 C
Guwahati
Thursday, October 14, 2021
More

    কংগ্ৰেছত আনুষ্ঠানিক অংশগ্ৰহণ বিজেপিৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাৰ

    ২৪ ফেব্ৰুৱাৰীত দিল্লীত অনানুষ্ঠানিক অংশগ্ৰহণ কৰিছিল শৰ্মাই

    বিজেপিৰ প্ৰাক্তন নেতা তথা তেজপুৰ সমষ্টিৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাৰ আনুষ্ঠানিকভাৱে অংশগ্ৰহণ কংগ্ৰেছত। ফেব্ৰুৱাৰীৰ ২৪ তাৰিখে দিল্লীত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ উপস্থিতিত কংগ্ৰেছলৈ আহিছিল শৰ্মা।

    তেজপুৰ সমষ্টিৰ প্ৰাক্তন সাংসদগৰাকীক বিগত নিৰ্বাচনত টিকট নিদিয়াক লৈ একপ্ৰকাৰ বিসম্বাদী হৈ পৰিছিল ৰাম প্ৰসাদ শৰ্মা। বহু দিনৰ পৰা ওলাই আছিল শৰ্মাৰৰ অন্য দলত যোগদানৰ কথা। ইয়াৰ বাবে কেইবাদিনো ধৰি দিল্লীত বাহৰো পাতি আছিল বিজেপিৰ প্ৰাক্তন সাংসদগৰাকীয়ে।

    সেই সকলো জল্পনা কল্পনা এৰি ২৪ ফেব্ৰুৱাৰীত অনানুষ্ঠানিক আৰু আজি ১ মাৰ্চত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান ৰাম প্ৰসাদ শৰ্মাৰ।

    Photo Credit: Smita Rani Deka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং