22 C
Guwahati
Wednesday, October 27, 2021
More

    পত্নীসহ ৩টা সন্তানক জীৱিত অৱস্থাত জ্বলাই দিয়ে প্ৰাক্তন অষ্ট্ৰেলিয়াৰ খেলুৱৈয়ে

    হাস্পতালত চিকিত্সাৰ সময়ত হেনাসহ তেওঁৰ ৩টা সন্তান লায়না(৬), আলিয়া(৪) আৰু ট্ৰে(৩) নিহত হয়

    বুধবাৰে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন খেলুৱৈ ৰৱন ৱেক্সটাৰে পত্নী হীনাসহ ৩টা কণমানি শিশুক গাড়ীত বন্ধ কৰি জ্বলাই দিয়ে। সমগ্ৰ পৰিয়ালক জীৱিত অৱস্থাত জ্ৱলাই দিয়াৰ পিছত ৰৱনে নিজেও আত্মহত্যা কৰে। অষ্ট্ৰেলিয়াৰ ব্ৰিছবেনত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই সমগ্ৰ ঘটনাৰ বিষয়ে প্ৰত্যক্ষদৰ্শীয়ে ক’লে যে বুধবাৰে পুৱা প্ৰায় ৮.৩০ বজাত তেওঁলোকে প্ৰচণ্ড জোৰত এটা শব্দ শুনা পায়। বিকট শব্দ হোৱাৰ পিছতে ৰৱনৰ পৰিয়ালে চিঞৰ-বাখৰ কৰা শুনিবলৈ পোৱা যায়, তাৰ পিছতে প্ৰত্যক্ষদৰ্শীসকলে নিজৰ নিজৰ ঘৰৰ পৰা ওলাই আহে।

    প্ৰত্যক্ষদৰ্শীসকলে ক’লে যে যেতিয়া তেওঁলোকে ঘৰৰ পৰা বাহিৰলৈ ওলাই তেতিয়া তেওঁলোকে এখন গাড়ী অগ্নিদগ্ধ অৱস্থাত প্ৰত্যক্ষ কৰে আৰু সেইখন গাড়ীতে পত্নী আৰু তেওঁৰ সন্তান আৱদ্ধ হৈ আছিল। গাড়ীখনৰ কাষতে ৰৱনৰ মৃতদেহো পৰি আছিল। স্থানীয় লোকসকলে বহু চেষ্টাৰ ফলত হেনা আৰু তেওঁৰ সন্তানকেইটাক গাড়ীখনৰ পৰা বাহিৰলৈ ওলাই আহে আৰু হাস্পতাললৈ প্ৰেৰণ কৰে। হাস্পতালত চিকিত্সাৰ সময়ত হেনাসহ তেওঁৰ ৩টা সন্তান লায়না(৬), আলিয়া(৪) আৰু ট্ৰে(৩) নিহত হয়।

    আৰক্ষীয়ে জনোৱা অনুসৰি ৰৱন আৰু হেনাৰ মাজত তীব্ৰ বাক-বিতণ্ডা হৈছিল।

    Photo credit: Twitter

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং