প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আজি এক সংবাদ মেলৰ আয়োজন কৰে। এই সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপি চৰকাৰক নিষ্ঠুৰ আখ্যা দিয়ে। আচ্ছা দিনৰ পৰিৱৰ্তে খাৰাব দিন হে আহিছে এই চৰকাৰৰ দিনত। কিয়নো শ্ৰমিকক বিশেষ ৰে’ল অথবা যাত্ৰী বিশেষ ৰে’ল দিয়াৰ পিছতো বহিঃৰাজ্যত আৱদ্ধ বহু শ শ লোক বৰ্তমানেও খোজ কাঢ়ি আহিব লগীয়া হৈছে। খাবলৈ নাপাই মৃত্যু হ’বলগীয় হৈছে বাহিৰত থকা শ্ৰমিক সকল।
আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২ লাখ কোটিত দুখীয়াৰ বাবে একো দেখা নাপালে বুলিও দোহাৰে তৰুণ গগৈয়ে। তেওঁ কয়, এই আৰ্থিক আঁচনিত দিন হাজিৰা কৰা লোক সকলক আৰ্থিক ভাৱে সহায় কৰা দেখা নাই। লোণৰ ঋণ ৰেহাই দিয়া দেখা নাই সৰু ব্যৱসায়ী সকলৰ বাবে।
কৰ’ণাৰ ক্ষেত্ৰতো মাত মাতে তৰুণ গগৈয়ে। তেওঁ কয়, কৰ’ণাৰ সৈতে একেলগে সকলোৱে যুঁজ দিব লাগিব। পিছে লকডাউন কিছু শিথিল কৰি দিব লাগে। শ্বপিং ম’ল, জিম, চেলুন, খুলি দিব লাগে। আক্ৰান্ত অঞ্চল বিলাকতহে লকডাউন ৰখাৰ কথা কয় কংগ্ৰেছৰ নেকাগৰাকীয়ে।
Photo Credit: @dhrubaborah