30 C
Guwahati
Wednesday, October 27, 2021
More

    Breaking: বিধায়ক হিচাপে দেৱেন্দ্ৰ ফাড়নবিছ আৰু অজিত পাৱাৰে ল’লে শপত; মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব উদ্ধৱ থাকৰেই

    যি থাকৰে পৰিয়ালে অত’ যুগ ধৰি ৰাজনীতিৰ পৰ্দাৰ পিছত থাকি মহাৰাষ্ট্ৰত ৰাজনীতি কৰি আছিলে সেই থাকৰে পৰিয়াল এইবাৰ আহিছে সমুখলৈ

    মহাৰাষ্ট্ৰত দিনে দিনে সলনি হৈ আছে ৰাজনীতিৰ প্ৰেক্ষাপট। ৰাজ্যখনত এতিয়া আৰম্ভ হ’বলৈ গৈ আছে এক নতুন ৰাাজনীতিৰ যুগ। মঙলবাৰে মন্ত্ৰীত্বৰ পৰা পদত্যাগ কৰাৰ পিছত দেৱেন্দ্ৰ ফাড়নবিছ আৰু অজিত পাৱাৰে বুধবাৰে শপত গ্ৰহণ কৰিলে বিধায়ক হিচাপে। যি থাকৰে পৰিয়ালে অত’ যুগ ধৰি ৰাজনীতিৰ পৰ্দাৰ পিছত থাকি মহাৰাষ্ট্ৰত ৰাজনীতি কৰি আছিলে সেই থাকৰে পৰিয়াল এইবাৰ আহিছে সমুখলৈ।

    যোৱা এমাহ ধৰি হৈ থকা মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ তোলপাৰৰ অন্তত এইবাৰ মন্ত্ৰীত্ব পদৰ বাবে সমুখলৈ ওলাই আহিছে থাকৰে পৰিয়ালৰ অন্যতম উদ্ধৱ থাকৰে। শিৱসেনাৰ নেতা উদ্ধৱ থাকৰে কংগ্ৰেছ, শিৱসেনা আৰু এন চি পি মিত্ৰজোঁটৰ মুখ্য মন্ত্ৰী হোৱাৰ কথা আছিল কিন্তু হঠাৎ পট পৰিৱৰ্তন হোৱাত সেয়া হৈ উঠা নাছিল।

    পিছে এতিয়া সকলো জল্পনা কল্পনাৰ অন্ত পেলাই মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ মুখ্যমন্ত্ৰীৰ পদত থিয় হ’ব উদ্ধৱ থাকৰে। বুধবাৰে বিয়লি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ বাবে শপত ল’ব শিৱসেনাৰ জ্যেষ্ঠ নেতাজনে। বহুদিন ধৰি পিছত থাকি চৰকাৰ চলোৱা শিৱসেনাই এতিয়াৰ পৰা সমুখৰ পৰাই চলাব ৰাজ্য, হ’ব এতিয়া থাকৰে চৰকাৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং