কৰ’ণা ভাইৰাছৰক প্ৰতিহত কৰিবৰ বাবে সমগ্ৰ দেশতে অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ লকডাউন। লকডাউনৰ ফলত সমস্যাৰ সন্মুখীন হৈছে খাটিখোৱা লোকসকল। এই সংকটৰ সময়ত দৰিদ্ৰ তথা অভাৱগ্ৰস্ত লোকৰ কাষত থিয় দিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰৰ বিধায়ক তৰুণ গগৈ।

তিতাবৰত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নিজাববীয়া প্ৰচেষ্টাত আৰু তিতাবৰ ব্লক কংগ্ৰেছৰ সহযোগত দৰিদ্ৰ জনতাক যোগান ধৰিলে খাদ্য-সামগ্ৰী।

অভাৱগ্ৰস্ত প্ৰায় ৫০০০টা পৰিয়ালক চাউল,দাইল,নিমখ আদি খাদ্য-সামগ্ৰী বিতৰণ কৰা হয়। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰৰ বিধায়কগৰাকীৰ এই মহানুভৱতাক প্ৰশংসা কৰিছে সকলোৱে।
Photo: Time8