খাদ্য সংকটত পৰা লোকৰ বাবে ওলাই আহিছে এতিয়া হাজাৰ জন। আৰ্তজনৰ ওচৰত থিয় হৈছে সাধ্যনুসাৰে। যিয়ে যেনেকৈ পাৰিছে কৰিছে সহায়। হাইলাকান্দিত সহায়ৰ বাবে আগবাঢ়ি আহিছে বিধায়ক আনোৱাৰ হুছেইন লস্কৰ।

লকডাউনৰ ফলত চাৰিওফালে হাহাকাৰৰ মাজত গৃহবন্দি হৈ পৰা হাইলাকান্দিৰ ৰাইজৰ কাষত থিয় হ’ল বিধায়ক আনোৱাৰ হুছেইন লস্কৰ। হাইলাকান্দি বিধানসভা সমষ্টিৰ ২০ খন গাঁও পঞ্চায়তৰ ১০ হাজাৰ ৰাইজৰ মাজত খাদ্য সমগ্রী বিতৰণ।

এই সাহায্যত আছে চাউল, দাইল, আলু, তেল আদি। লকডাউনৰ ফলত বহু ৰাইজ বিপদত পৰাৰ বাবে বিধায়কগৰাকী এইদৰে ওলাই অহা বুলি জনাই সাংবাদিকৰ আগত।

Photo Credit: @bidhansen