27 C
Guwahati
Monday, November 29, 2021
More

    ৩০০০ লোকক খাদ্য সামগ্ৰী বিতৰণ ভাৰতীয় ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সম্পাদক গুলজাৰ হুছেইনৰ

    এফালে কৰ’ণাৰ আতংক আনফালে এসাঁজ আহাৰৰ বাবে দিন হাজিৰা কৰা একাংশ দৰিদ্ৰ পৰিয়ালৰ মূৰে কপালে হাত। ২১ দিন লকডাউনৰ ১০টা দিন পাৰ নৌহওতেই হাহাকাৰ বহু পৰিয়ালত। আমাৰ সমাজত বেছিভাগ পৰিয়ালেই দৰিদ্ৰ সীমাৰেখাৰ তলত, তেনেক্ষেত্ৰত দিনটোৰ বাবে ওলাই ন’গলে পোহপালন দিব নোৱাৰে নিজৰ পৰিয়ালৰ লোকক।

    উক্ত সমস্যাৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি আৰু বিধায়িকা আঙুৰলতা ডেকাৰ নিৰ্দেশ মৰ্মে গুলজাৰ হুছেইনে এক মহানুভৱতা প্ৰকাশ পোৱা দেখা গ’ল। বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত বাৰুৱাটি গাঁৱত তেওঁলোকৰ সামৰ্থ্য অনুসৰি প্রতি ঘৰত কিছু পাচলি বিতৰণ কৰি সহায়ৰ হাত আগবঢ়োৱা দেখা গ’ল।

    উল্লেখ্য বিষয় যে ইতিমধ্যে সমষ্টিৰ অন্তৰ্গত বহু কেইখন গাওঁত এনেদৰেই খাদ্য সামগ্ৰী বিতৰণ কৰি আছে আৰু অনাগত দিনত ৩০০০ লোকক খাদ্য সামগ্ৰী বিতৰণৰ প্ৰস্তুতি লব বুলিও মত প্ৰকাশ কৰে।

    Photo Credit: @hemenraja

    Published:

    1 COMMENT

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং