25 C
Guwahati
Thursday, October 21, 2021
More

    পানীৰ তলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান! বানে প্ৰাণ কাঢ়িলে ৪১ টা জীৱ-জন্তুৰ, এক তথ্যভিত্তিক প্ৰতিবেদন

    ক্ৰমাৎ জটিল হৈছে কাজিৰঙাৰ বান পৰিস্থিতি। এতিয়ালৈকে মুঠ ৪১ টা জীৱ-জন্তুৰ মৃত্যু হৈছে কাজিৰঙাত। সপ্তাহটোৰ ভিতৰত দ্বিতীয়টো বানে পুনৰ প্লাৱিত কৰিছে কৰিছে ৰাষ্ট্ৰীয় উদ্যানখন৷ বিগত সপ্তাহত ব্ৰহ্মপুত্ৰৰ বানে আতংকৰ সৃষ্টি কৰা ৰাষ্ট্ৰীয় উদ্যানখন লাহে লাহে ঘূৰি আহিছিল স্বাভাৱিক পৰিস্থিতি।

    ৰাষ্ট্ৰীয় উদ্যানখনলৈ উভতি আহিছিল বানৰ সময়ত কাৰ্বি পাহাৰলৈ গতি কৰা বহু বন্যপ্ৰাণী৷ হাইলেণ্ডত আশ্ৰয় লোৱা বন্যপ্ৰাণী সমূহেও খাদ্যৰ বাবে পুনৰ নামি আহিছিল হাইলেণ্ডৰ পৰা। উদ্যানখনৰ ওখ তৃণভূমি সমূহৰ পৰা পানী শুকাই যোৱাত মুকলি হৈ পৰা ঘাঁহ বনৰ মাজতে খাদ্যৰ সন্ধানত ব্যস্ত হৈ পৰিছিল বন্যপ্ৰাণী সমূহ৷ কিন্তু ৰাষ্ট্ৰীয় উদ্যানখনলৈ ঘূৰি অহা স্বাভাৱিক অৱস্থা পুনৰ নাইকীয়া হৈছে।

    ১২ জুলাই, ২০২০ৰ পুৱা ৯ বজালৈকে মুঠ ২২৩ টা বনশিৱিৰৰ ১২৩ টাই প্লাৱিত হোৱা বুলি জানিব পৰা গৈছে। এইসমূহ শিৱিৰৰ মুঠ ৭ টা নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ আৰু ১২ টা বিশ্বনাথ বন সংমণ্ডলৰ। আনহাতে পূব বন সংমণ্ডলৰ আটাইকেইটা ৰেঞ্জ মিলাই ১০৬ টা শিৱিৰ জলমগ্ন হৈছে।

    অগৰাতলী ৰেঞ্জৰ ৩১ টা, কাজিৰঙা ৰেঞ্জৰ ৩২ টা, বাগৰি ৰেঞ্জৰ ২৯ টা, বুঢ়াপাহাৰৰ ১০ টা আৰু বোকাখাটৰ ৪ টা বন শিৱিৰ জলমগ্ন হৈছে। ইতিমধ্যে বানপানীৰ মাজতে জীৱন্তে উদ্ধাৰ কৰা হৈছে ৪৯ টা জীৱ-জন্তুক।

    বৰ্তমান সময়ত পাছিঘাট, ডিব্ৰুগড়, নিমাতীঘাট, নুমলীগড়, ধনশিৰিমুখ, তেজপুৰ সকলোতে ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বৈছে। এতিয়ালৈকে উদ্ধাৰ কৰা জীৱ-জন্তুৰ ভিতৰত আছে এটা গঁড়, সুগৰী পহু ৪০ টা, অজগৰ ৫ ডাল, বাঘ এটা, কাছ এটা।

    আনহাতে মৃত্যু হোৱা জীৱ-জন্তুৰ তালিকাত আছে গঁড় এটা, বনৰীয়া ম’হ এটা, বন গাহৰি ৩টা, দল হৰিণা এটা, সুগৰী পহু ৩৫ টা। ইফালে পুনৰ এতিয়া বানৰ বাবে কাজিৰঙাৰ পৰা কাৰ্বি পাহাৰৰ দিশে বিভিন্ন জীৱ-জন্তু যোৱা বুলি ৰাষ্ট্ৰীয় উদ্যানখনৰ এক সূত্ৰই সদৰি কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।

    যান বাহনৰ গতিবেগ হ্ৰাস কৰিবলৈ পুনৰ দেওবাৰৰে পৰা টাইম কাৰ্ড প্ৰৱৰ্তন কৰা হ’ব। বানৰ সময়ত আঘাত প্ৰাপ্ত বন্যপ্ৰাণীক উদ্ধাৰ আৰু চিকিৎসাৰ বাবে তৎপৰ হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং