22 C
Guwahati
Sunday, December 5, 2021
More

    ভুটানৰ কুৰিশ্বু বান্ধৰ পানী এৰাত নামনি অসমলৈ বানৰ অশনি সংকেত, ইতিমধ্যে জলমগ্ন বৰপেটাৰ বহু গাঁও

    বেঁকী নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ অহাত নামনি অসমলৈ নামি আহিছে অশনি সংকেত। নৈ খনৰ বাঢ়নি পানীত ইতিমধ্যে জলমগ্ন হৈ পৰিছে বৰপেটাৰ বাঘবৰ ৰাজহ চক্ৰৰ কুৰিখন গাঁও। ভুটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলতেই জলমগ্ন গাঁও কেইখন। ২ সহস্ৰাধিক পৰিয়াল প্লাবিত হোৱাৰ লগতে শ শ বিঘা খেতিৰ বিস্তৰ ক্ষতি।

    ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত বেঁকী নৈৰ জলপৃষ্ঠ বাঢ়ি বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাওঁ জলমগ্ন হৈ পৰিছে। কালি পুৱাৰে পৰাই বেঁকী নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ।

    ইতিমধ্যেই বাঘবৰ ৰাজহ চক্ৰৰ ছোনপুৰা, ডাউকমাৰী চৰ, চৌধুৰী বজাৰ আদি কৰি কলগাছিয়া ৰাজহ চক্ৰৰ শ্ৰীৰামপুৰ, গলীয়া, লাচাংগা, বলাইপথাৰ, খাৰবাল্লী, শওঁপুৰ, কলগাছিয়া আদি কেইবাখনো গাঁও প্লাৱিত হৈছে। হঠাৎ ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত শ শ বিঘা ইৰি, বড়ো ধান, মৰাপাট খেতিৰ লগতে শাক-পাচলিৰ খেতিৰ বিস্তৰ ক্ষতি সাধন হৈছে। বান পানীত আবদ্ধ হৈ পৰা পৰিয়ালক অতি সোনকালে বান সাহাৰ্য্য দিয়াৰ দাবী জনাইছে ৰাইজে।

    Input and Photo Credit: Javed Ali

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং