33 C
Guwahati
Tuesday, September 27, 2022
More

    এজন লোকৰ আত্মহত্যাক লৈ ৫গৰাকী মহিলাক গ্ৰেপ্তাৰ

    যোৰহাটত এজন লোকৰ আত্মহত্যা সন্দৰ্ভত ৫গৰাকীকৈ মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দেওবাৰে গড়মূৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলা গোটৰ ৫গৰাকী সদস্যক। লগতে নিশাৰ ভাগত থানাত হাজিৰ হয়গৈ মহিলা গোটৰ আন সদস্যসকলো।

    উল্লেখযোগ্য যে যোৰহাটৰ গড়মূৰত ভাৰতীয়া হিচাপে থকা ওদালগুৰিৰ কুশল ৰাজবংশী আৰু তেওঁৰ বৌৱেকে বন্ধন আৰু চেটিং নামৰ গোট দুটাৰ পৰা ঋণত লৈছিল ১,৪১,০০০ টকা। ঋণৰ কেইটামান কিষ্টি দিয়াৰ পিছতেই কুশল ৰাজবংশীৰ বৌয়েকে নিজৰ পৰিয়ালসহ গুচি যায় ওদালগুৰিৰ নিজ গৃহলৈ আৰু তাৰ পিছত পুনৰ যোৰহাটলৈ উভতি নহাত কুশল ৰাজবংশীক ঋণ পৰিশোধ কৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰে দুয়োটা গোটৰ মহিলা সদস্যসকলে।

    আনকি গোটৰ মহিলাসকলে কুশ ৰাজবংশীৰ চাইকেলৰ লগতে ভোটাৰ কাৰ্ড আৰু পান কাৰ্ড কাঢ়ি লয় বুলি অভিযোগ পৰিয়ালৰ লোকৰ। সেই ঋণৰ বোজা সহিব নোৱাৰিয়ে দেওবাৰে বিয়লি আত্মহত্যাৰ পথ বাছি লয় কুশল ৰাজবংশীয়ে আৰু এই ঘটনা সন্দৰ্ভতে ২৫২৮/১৯ গোচৰৰ নম্বৰৰ ৩০৬/৩৯৫ ধাৰাত গোট দুটাৰ ৫গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং