23.7 C
Guwahati
Thursday, October 6, 2022
More

    ভয়ংকৰ দুৰ্ঘটনা, কেইবাপাক খাই ৰাজপথত বাগৰিল ট্ৰাক ৫ জন থিতাতে নিহত-১১ আহত

    ট্ৰাকখনত দুজন ট্ৰাক চালক আৰু এজন কণ্ডাক্টৰ সৈতে মুঠ ১৮ জন লোক আছিল

    অতিকে ভয়ংকৰ দুৰ্ঘটনা। ৰাজপথত কেইবাপাক খাই বাগৰিল এখন আম ভৰ্তি ট্ৰাক। এই দুৰ্ঘটনাটোৰ ফলত থিতাতে প্ৰাণ হেৰুৱাই ৫ জনকৈ লোকে আনহাতে গুৰুতৰভাৱে আহত হয় অন্য ১১ জনকৈ লোক। ট্ৰাকখনত দুজন ট্ৰাক চালক আৰু এজন কণ্ডাক্টৰ সৈতে মুঠ ১৮ জন লোক আছিল।

    মহাৰাষ্ট্ৰৰ পৰা ঝাৰখণ্ডৰ নিজ গৃহলৈ গৈ থকা অৱস্থাত ১৬ জনলৈ শ্ৰমিকক ৰে’লে মহতীয়াই নিয়াৰ ঘটনা মাৰ নৌ যাওতেই এইটো এটা শ্ৰমিকৰ নিহতৰ ঘটনাই জোকাৰি যায় দেশ। আম কঢ়িয়াই নিয়া ট্ৰাক খনতে উঠি নিজ গৃহ অভিমুখে যাত্ৰা কৰিছিল এইকেইজন শ্ৰমিকেও। পিছে জীৱিত নহয় মৃত অৱস্থাত হে নিজ গৃহত উপস্থিত হয় শ্ৰমিক কেইজনৰ নশ্বৰ দেহ।

    আনহাতে আঘাট প্ৰাপ্ত সকলক ততাতৈয়া কৈ নিকটতম হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এই দুৰ্ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশত। ৰাজ্যখনৰ ২৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত সংঘটিত হৈছে এই ঘটনা। বৰ্তমানে আহত সকল জিলা হাস্পতালত চিকিত্‍সাধীন হৈ আছে।

    ট্ৰাকখন পাটনাৰ নৰসিংহপুৰ গাঁঁওৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত কেইবাপাক খাই বাগৰি পৰে। আম কঢ়িয়াই নিয়া ট্ৰাকখন হায়দৰাবাদৰ পৰা আগ্ৰা অভিমুখে গৈ আছিল। মধ্যপ্ৰদেশৰ দিলা কালেক্টৰে জনোৱা অনুসৰি ট্ৰাক খনত থকা শ্ৰমিক সকল হায়দৰাবাদত কৰ্মৰত আছিল আৰু উত্তৰ প্ৰদেশত থকা নিজ গৃহলৈ গৈছিল।

    Photo Credit:

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং