মীন বিভাগৰ মাছ বিতৰণ প্ৰক্ৰিয়া বৰ্তমানেও অব্যাহত। ১৬ এপ্ৰিলৰ পৰা আৰু কেইবাটাও স্থানত বিতৰণ কৰিব মাছ। মালিগাঁও, ছাৰ্ভে-দিছপুৰ, চানমাৰী আৰু নুনমাটিত বিতৰণ কৰিব মাছ। ভ্ৰাম্যমাণ মাছ বিতৰণৰ পদক্ষেপ লৈছে মীন বিভাগে। পুৱা ৯ বজাৰ আৰম্ভ হ’ব এই মাছ বিতৰণ প্ৰক্ৰিয়া। পূৰ্বৰ নিৰ্দ্ধাৰিত মাছুলতে বিক্ৰী হ’ব মাছ।
মালিগাঁও অঞ্চলৰ বাবে যোগাযোগ নম্বৰ 8486408226, দিছপুৰ অঞ্চলৰ বাবে যোগাযোগ নম্বৰ 9678199132 আৰু চানমাৰী অঞ্চলৰ বাবে যোগাযোগ নম্বৰ হ’ল 9864851205 ।
মাছৰ নিৰ্দ্ধাৰিত মূল্যসমূহ হ’ল ক্ৰমে ৰৌ, ভকুৱা আৰু মিৰিকাৰ প্ৰতিকিলোগ্ৰামৰ দাম ৩০০টকা। ৰৌ, ভকুৱা, মিৰিকাৰ দাম ১কিলোৰ পৰা ২কিলোগ্ৰামৰ ভিতৰত ৩৫০টকা। ৰৌ, ভকুৱা আৰু মিৰিকাৰ দাম ২কিলোগ্ৰামৰ ওপৰত ৪০০টকা। ভাঙোন, মিৰিকা প্ৰতিকিলোগ্ৰামৰ দাম ২৫০টকা। গ্ৰাছকাৰ্প, ছিলভাৰ কাৰ্প আৰু কমনকাৰ্প প্ৰতিকিলোগ্ৰামত ২৫০টকা। গ্ৰাছকাৰ্প, ছিলভাৰ কাৰ্প আৰু কমনকাৰ্প ১ কিলোগ্ৰামৰ ওপৰত ৩০০টকা। শোল-শাল আৰু কাৱৈ প্ৰতি কিলোগ্ৰামত ৪৫০টকা।
Photo Credit : Youtube