28 C
Guwahati
Tuesday, October 4, 2022
More

    মানৱ জাতি উদ্ধাৰৰ যুদ্ধংদেহী প্ৰচেষ্টা, ৰাছিয়াই কৰিলে কভিড ভেকচিনৰ মানৱ দেহত পৰীক্ষণ

    মানৱ জাতি উদ্ধাৰৰ বাবে যুদ্ধংদেহী প্ৰচেষ্টা সকলো দেশৰে। নহ’লে কৰণাই উছন কৰি পেলাব পাৰে সম্পূৰ্ণ মানৱ জাতি।

    সেয়ে ভেকচিন নিৰ্মানৰ বাবে অহৰহ চেষ্টা চলাই গৈছে বহু কেইখন দেশে। আৰু বিশ্বত কৰ’ণাৰ ভয়াৱহতাৰ মাজতেই আন এক ভাল খবৰ দিছে ৰাছিয়াই।

    ৰাছিয়াত কৰ’ণাৰ প্ৰথমটো ভেকচিনৰ সফল পৰীক্ষণ। ৰাছিয়াৰ ছেচন’ভ চিকিৎসা বিশ্ববিদ্যালয়ে(Sechenov University) মানৱ দেহত সফল পৰীক্ষণৰ দাবী কৰিছে।

    এই কথা সদৰী কৰিছে বিশ্ববিদ্যালয়খনৰ ট্ৰানস্লেচনেল মেডিচিন আৰু বায়’টেকনলজি(Institute for Translational Medicine and Biotechnology) প্ৰতিষ্ঠানৰ সঞ্চালক ভাদিম তাৰাচ’ভে(Vadim Tarasov)।

    তাৰাচভে লগতে জনায় যে পৰীক্ষাত ভাগ লোৱা প্ৰথমটো গোটৰ স্বেচ্ছাসেৱকসকলক ১৫ জুলাইত আৰু দ্বিতীয়টো গোটক ২০ জুলাইত মুকলি কৰি দিয়া হ’ব।

    বিশ্ববিদ্যালয়খনে যোৱা ১৮ জুনৰ পৰা এই পৰীক্ষা চলাই আছিল।

    উল্লেখ্য যে, কোনো এটা বেমাৰৰ ভেকচিন প্ৰস্তুত কৰি উলিয়াবৰ বাবে অতি কমেও ১ৰ পৰা ১.৫ বছৰ সময়ৰ প্ৰয়োজন।

    এইচ আই ভিৰ দৰে বেমাৰৰো এতিয়ালৈকে কোনো ধৰণৰ ভেকচিন উলিয়াবলৈ সক্ষম হোৱা নাই বৈজ্ঞানিকে। ২০২৫-৩০ মানত হে HIVৰ ভেকচিন প্ৰস্তুত হোৱাৰ সম্ভাৱনা।

    তেনে ক্ষেত্ৰত কৰণাৰ দৰে এক মহামাৰীৰ ভেকচিন প্ৰস্তুত কৰাটো অতি কঠিন সাধ্য কাম। কিন্তু চেষ্টাৰ ক্ৰুতি ৰখা নাই বৈজ্ঞানিকে।

    মাথো কেইটামান মাহৰ ভিতৰতে ভেকচিনৰ মানৱ পৰীক্ষাও সফলতাৰে পৰীক্ষণৰ কাম চলাই আছে। যদি এই পৰীক্ষণ সফল হয় তেন্তে ই হৈ ৰব মানৱ জাতি উদ্ধাৰৰ এক আহিলা।

    Photo Credit: Express Pharma

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং