মহাৰাষ্ট্ৰৰ মুম্বাইত প্ৰথমটো প্লাজমা চিকিৎসা চলোৱা কৰ’ণা আক্ৰান্ত ৰোগীৰ বৃহস্পতিবাৰে মৃত্যু হোৱাা বুলি জানিব পৰা গৈছে। বুধবাৰে প্ৰথমটো প্লাজমা থেৰাপিৰ প্ৰয়োগ সফল হোৱা বুলি সদৰি কৰিছিল ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপেই।
পিছে কালি মৃত্যু হয় প্লাজমা থেৰাপি প্ৰয়োগ কৰা ৫২ বছৰীয়া কৰ’ণা আক্ৰান্ত লোকজন। মুম্বাইৰ লীলাবতি হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় লোকজনৰ। অৱশ্যে বৰ্তমানেও হাস্পতালখনত প্লাজমা থেৰাপিৰ চিকিৎসা চলাই থকা হৈছে অন্য কেইবাজনো কৰ’ণা আক্ৰান্ত ৰোগীৰ ওপৰত।
এই বিষয়ে জানিবলৈ দিয়ে হাস্পতালখনৰ CEO ডঃ ৰবিশংকৰে। উল্লেখ্য যে, প্লাজমা কৰ’ণা ৰোগীৰ অনুমোদিত চিকিৎসা নহয় বুলি মন্তব্য কৰিছিল কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী লাব আগৰৱালে।
Photo Credit: Mumbai live