18 C
Guwahati
Tuesday, February 7, 2023
More

    কৰ’ণা ভাইৰাছৰ ফলত নয়দাত প্ৰথমজন লোকৰ মৃত্যু, গাজিয়াবাদৰ এজন লোকে হেৰুৱালে প্ৰাণ

    দেশত জাৰি থকা লকডাউনৰ মাজতো হ্ৰাস পোৱা নাই কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, বিগত ২৪ ঘণ্টাত ২,৫৫৩জন লোক নতুনকৈ আক্ৰান্ত হৈছে

    উত্তৰ প্ৰদেশৰ নয়দাত কৰ’ণা ভাইৰাছৰ ফলত প্ৰথমজন লোকৰ মৃত্যু। গাজিয়াবাদত বাস কৰা এজন ৰোগীয়ে ছেক্টৰ ১৩৭স্থিত এখন হাস্পতালত হেৰুৱালে প্ৰাণ। মৃত লোকজন গাজিয়াবাদৰ খোৰাৰ বাসিন্দা আছিল। নয়দা প্ৰশাসন ইয়াৰ বিষয়ে গাজিয়াবাদ প্ৰশাসনক অৱগত কৰে। সোমবাৰৰ দিনটোত নয়দাত কৰ’ণা ভাইৰাছত ১২জন লোক নতুনকৈ আক্ৰান্ত হৈছে, এই আক্ৰান্ত লোকৰ সংখ্যা সংযুক্ত হৈ বৰ্তমান ৰোগীৰ সংখ্যা হৈছে ১৭৯জন।

    জিলা তত্ত্বাৱধানত থকা বিষয়া সুনীল দোহৰেই কোৱা অনুসৰি, গাজিয়াবাদৰ খোৰা কলনীৰ বাস কৰা এজন লোক কিছুদিন পূৰ্বে চিক্ত্সাৰ বাবে নয়দা ছেক্টৰ ২৪স্থিত ইএছআই হাস্পতালত ভৰ্তি হৈছিল। তেওঁ ক’লে যে লোকজনৰ অসুস্থ শৰীৰৰ বাবে তেওঁক নয়দাৰ ছেক্টৰ ১৩৭স্থিত ফ্লিক্স হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল। তাতে লোকজনৰ কৰ’ণা পৰীক্ষাৰ বাবে নমুণা লোৱা হৈছিল।

    তেওঁ ক’লে যে দেওবাৰে অহা ৰিপৰ্টত ধৰা পৰে লোকজন কৰ’ণা ভাইৰাছৰ লক্ষণ। ইয়াৰ মাজতে লোকজনৰ মৃত্যু হয়। দেশত জাৰি থকা লকডাউনৰ মাজতো হ্ৰাস পোৱা নাই কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, বিগত ২৪ ঘণ্টাত ২,৫৫৩জন লোক নতুনকৈ আক্ৰান্ত হৈছে। ভাৰতত কৰ’ণা আক্ৰান্ত হৈছে ৪২ হাজাৰ ৫৩৩জন লোক আৰু এইপৰ্যন্ত প্ৰাণ হেৰুৱাইছে ১৩৭৩জন লোকে।

    Photo credit: www.businesstoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং