27 C
Guwahati
Wednesday, June 29, 2022
More

    শিৱসাগৰ নগৰত ঘোষণা হ’ল প্ৰথমখন কণ্টেইনমেণ্ট জ’ন

    আজি শিৱসাগৰ জিলা প্ৰশাসনে তেখেতৰ বাসগৃহ থকা অঞ্চলটো কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে

    শিৱসাগৰ নগৰত ঘোষণা হ’ল প্ৰথমখন কণ্টেইনমেণ্ট জ’ন। শিৱসাগৰ নগৰৰ ৱাৰ্ড নং ১৪ তহৰখনৰ প্ৰথমখন কণ্টেইনমেণ্ট জ’ন।

    ৱাৰ্ড নং ১৪ৰ গোহাঁইচুক অঞ্চলত একগৰাকী মহিলা কভিড পজিটিভ বুলি চিনাক্ত হোৱাৰ পিছতে অঞ্চলটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে প্ৰসাশনে।

    আক্ৰান্ত সূৰ্যলতা গগৈ নামৰ ৫৮ বছৰীয়া মহিলা গৰাকী দিল্লীত থকা পুত্ৰৰ ওচৰত আছিল।

    তেখেত দিল্লীৰ পৰা অহাৰ পিচত ঘৰতেই কোৱাৰেণ্টাইন হৈ আছিল।

    যোৱা ২২ জুন সোমবাৰে তেখেতৰ স্বাৱৰ নমুনা সংগ্ৰহ কৰা হৈছিল কভিড টেষ্টৰ বাবে।

    শনিবাৰ ২৭ জুনক অহা পৰীক্ষাৰ ৰিপৰ্ট অনুসৰে তেখেতৰ দেহত কভিডৰ উপস্থিতি ধৰা পৰে।

    আৰু নিশাই তেখেতক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়।

    তেখেত বয়সস্থ হোৱাৰ বাবে ঘৰতেই কোৱাৰেণ্টাইন কৰা হৈছিল ৷ অৱশ্যে বৰ্তমানলৈকে তেখেতৰ স্বামীৰ স্বাৱ টেষ্ট কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।

    আজি শিৱসাগৰ জিলা প্ৰশাসনে তেখেতৰ বাসগৃহ থকা অঞ্চলটো কণ্টেইনমেণ্ট জ’ন ৰূপে ঘোষণা কৰিছে।

    Photo Credit: @sanjaypareek

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং