ফিৰোজাবাদ আৰক্ষী-প্ৰশাসনে লকডাউন উলংঘা কৰা লোকসকলৰ বাবে এক অসাধাৰণ আঁচনি প্ৰস্তুত কৰিছে।
এই আঁচনিক নাম দিয়া হৈছে ‘মাস্ক ক্যি ক্লাছ’।
এই আঁচনিত আৰক্ষী প্ৰশাসনিক বিষয়াৰ লগতে থাকিব চিকিত্সক।
জ্যেষ্ঠ আৰক্ষী অধীক্ষক সচিন্দ্ৰ পাটেলে দেওবাৰে কয় যে এই ক্লাছত সেইসকল লোকক প্ৰশিক্ষণ দিয়া হ’ব যিসকল লোক ৰাজপথত মাস্ক পৰিধান নকৰাকৈ ঘূৰি-ফুৰে।
এনেকুৱা লোকক আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাকৈ এই ক্লাছত ৩ ঘণ্টাৰ পৰা ৪ ঘণ্টালৈ বহাই ৰাখিব।
পাটেলে ক’লে যে নিয়ম উলংঘা কৰা সকলক সৰ্বপ্ৰথমে এটা ভিডিঅ’ৰ মাধ্যমেৰে মাস্ক পৰিধান কৰাৰ উপকাৰিতা আৰু তাৰ প্ৰয়োজনীয়তা বুজোৱা হ’ব।
ইয়াৰ পিছত এখন উকা কাগজত পেঞ্চিলেৰে ৫০০ বাৰ ‘মাস্ক লগাব লাগিব’ লিখিব দিয়া হ’ব।
লগতে এইটো লিখোৱা হ’ব যে ‘মই আজি এই আঁচনি আৰম্ভ কৰিছো আৰু এই স্কীম অবিৰতভাৱে জাৰি ৰখা হ’ব।
তেওঁ ক’লে যে এই অভিযান নগৰৰ তিলক ইণ্টাৰ কলেজত চলোৱা হ’ব।
ইয়াৰ নিৰীক্ষণ কৰিব আৰক্ষী অধীক্ষক নগৰ তথা নগৰ মেজিষ্ট্ৰেটে।
মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত সচেতনতা জগাবলৈ এয়া এক বিৰল প্ৰয়াস।
Photo Credit: Google