22 C
Guwahati
Tuesday, October 26, 2021
More

    এটা মানীবেগে প্ৰাণ ৰক্ষা কৰিলে এজন আৰক্ষীৰ, পিছে ক’ত কেনেকৈ?

    আৰক্ষী বিষয়া বিজয় কুমাৰে এই ঘটনাটোক নিজৰ পুনৰ জনম বুলি আখ্যা দিছে

    কৰ্তব্য কৰি থকা এজন আৰক্ষী, কৰ্তব্যৰ সময়ত তেওঁ পিন্ধি আছিল এটা বুলেটপ্ৰুফ জেকেট। বিনা চিন্তাই নিজৰ কৰ্তব্য কৰি গৈছিল আৰক্ষী বিষয়া জনে। উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত হৈ থকা কা প্ৰতিবাদত কৰ্তব্য পৰিছিল বিষয়াগৰাকীৰ। পিছে তেনে সময়তে ঘটিল এক ঘটনা। তীব্ৰ গতিত সমুখৰ পৰা আহিল গুলী। গুলীৰ গতিবেগ ইমানেই বেছি আছিল যে তেওঁ পিন্ধি থকা বুলেটপ্ৰুফ জেকেট ফালি সোমাই যায় ভিতৰলৈ।

    কিন্তু ভাগ্যৰ চমৎকাৰ, এটা সাধাৰণ মানীবেগে ৰক্ষা কৰিলে আৰক্ষী বিষয়াগৰাকীৰ প্ৰাণ। পিন্ধি থকা ইউনিফৰ্মযোৰৰ বুকুৰ পকেটট থৈছিল তেওঁৰ মানীবেগটো, যিটো সাধাৰণতে থাকে তেওঁৰ পেণ্টৰ পকেটতহে। পিছে আজি সেই মানীবেগ কৰ্তব্যৰ বাবে ওলাই আহোতে ভৰাই আনিলে তেওঁৰ চোলাৰ পকেটত। যিটোতে তীব্ৰ গতিত অহা গুলী লাগি ধৰে আৰু তেওঁৰ জীৱন ৰক্ষা পৰে। এই ঘটনা সংঘটিত হৈছে আৰক্ষী বিষয়া বিজয় কুমাৰৰ লগত। তেওঁ এই ঘটনাটোক নিজৰ পুনৰ জনম বুলি আখ্যা দিছে।

    Photo Credit: aajtak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং