26 C
Guwahati
Thursday, June 30, 2022
More

    মঙলদৈত আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলী; আৰক্ষীৰ গুলীত নিহত এটা ডকাইত

    নিহত ডকাইটোৰ পৰা এটা .22 পিষ্টল, মোবাইল আৰু এখন নম্বৰ প্লেট বিহীন পালছাৰ বাইক এখন উদ্ধাৰ কৰে আৰক্ষীয়ে। ডকাইতৰ মৃতদেহটো মঙলদৈ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে

    মঙলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শাকতুলাত ডকাইত আৰু আৰক্ষীৰ মাজত গুলীয়াগুলীত এজন ডকাইত নিহত ৷

    পুৱতি নিশা প্ৰায় ৩.৩০ বজাত সংঘটিত হয় এই ঘটনা।

    দুখন পালছাৰ বাইকেৰে ছিপাঝাৰ অভিমুখে গৈ থকা অৱস্থাত ১৫ নং ৰাষ্টীয় ঘাইপথৰ শাকতুলাত তহল দি থকা আৰক্ষীৰ এটা দলেৰ সৈতে ডকাইতৰ দলটোৰ মুখামুখি সংঘৰ্ষ হয়।

    আৰক্ষীৰ সৈতে মুখামুখি হোৱাত আন্ধাৰৰ সুযোগ লৈ এখন বাইক মথাউৰিৰে আৰু আন এখন বাইক ছিপাঝাৰ অভিমুখে পলাবলৈ চেষ্টা কৰোতে ডকাইত আৰু আৰক্ষীৰ মাজত গুলীয়াগুলী হয়।

    গুলীচালনাত এটা ডকাইত নিহত হয়। ঘটনাস্থলীৰ পৰা পলাবলৈ সক্ষম হয় আন তিনিটা ডকাইত।

    নিহত ডকাইটোৰ পৰা এটা .22 পিষ্টল, মোবাইল আৰু এখন নম্বৰ প্লেট বিহীন পালছাৰ বাইক এখন উদ্ধাৰ কৰে আৰক্ষীয়ে।

    নিশা ডকাইতৰ দলৰ সৈতে পেট্ৰলিঙত থকা আৰক্ষীৰ সৈতে সংঘৰ্ষ হোৱাৰ সন্দেহ।

    অৱশ্যে এতিয়ালৈকে কোনো তথ্য আৰক্ষীয়ে পাবলৈ সক্ষম হোৱা নাই।

    ডকাইতৰ মৃতদেহটো মঙলদৈ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে।

    Photo: Time8

    Input: Papukishore

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং