31 C
Guwahati
Saturday, October 1, 2022
More

    দিল্লীত বিধ্বংসী অগ্নিকাণ্ড, ৭০ টা কৈ ঘৰ ভস্মীভূত

    দিল্লীত আজি পুৱতি নিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত জাঁহ যায় ৭০টাকৈ ঘৰ।

    দিল্লীৰ প্ৰহ্লাদপুৰৰ ৰোহিনী স্থিত শ্বাহবাদ ডেইৰীত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ড।

    অৱশ্যে কোনো লোক হতাহত হোৱা নাই এই অগ্নিকাণ্ডৰ ফলত।

    অগ্নিনিৰ্বাপক বাহিনীৰ ২৬খনকৈ বাহনে বহু চেষ্টা কৰি জুই নুমুৱাবলৈ সক্ষম হয়। পুৱাৰ ভাগত হে সম্পূৰ্ণ ৰূপে নিৰ্বাপন কৰিব পৰা যায় এই জুই।

    মাজ নিশা ডেইৰীটোত হঠাতে সূত্ৰপাত হয় অগ্নিকাণ্ডৰ। আৰু নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে সমগ্ৰ অঞ্চল।

    পিছে বৰ্তমানলৈ এই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা হোৱা নাই।

    Photo Credit: Big news network.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং