দিল্লীৰ এইমছত বিধ্বংসী অগ্নিকাণ্ড। হাস্পতালখনৰ ইমাৰজেঞ্জী ৱাৰ্ডত জুইৰ সূত্ৰপাত। প্ৰথম আৰু দ্বিতীয় মহলাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। শ্ৱৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

ঘটনাস্থলীত উপস্থিত হয় ২২খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন। বৰ্তমানলৈও হতাহতৰ খবৰ পোৱা নাই। অগ্নিনিৰ্বাপক বাহিনীয়ে সেই স্থানৰ পৰা উদ্ধাৰ কৰে। অগ্নিকাণ্ডৰ পিছতে ইমাৰজেঞ্চী ৱাৰ্ড বন্ধ কৰি দিয়া হৈছে।
ছফদৰজংগ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে প্ৰতিগৰাকী ৰোগীকে।