24 C
Guwahati
Thursday, October 28, 2021
More

    ডিব্ৰুগড়ৰ দূৰদৰ্শন কেন্দ্ৰৰ সমীপত ভয়াৱহ অগ্নিকাণ্ড

    ডিব্ৰুগড়ৰৰ মিলন নগৰত দূৰদৰ্শন কেন্দ্ৰৰ সমীপত ভয়ানক অগ্নিকাণ্ড। JCB ৰ জৰিয়তে নলা খান্দি কৰি থকা অৱস্থাত গেছ কোম্পানীৰ গেছ পৰিবাহী পাইপ কটা যোৱাৰ পাছতে হঠাৎ দপদপকৈ লাগি উঠে জুই।

    নিমিষতে এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি। সমীপত আছিল ডিব্ৰুগড় দূৰৰ্দশন কেন্দ্ৰ লগতে বহুতো ব্যৱসায়িক প্ৰতিষ্ঠান। খনন কৰি থকা JCBটো জুইৰ লেলিহাৱ শিখাই কিছু পৰিমানে আগুৰি ধৰাত ক্ষতিসাধন।কথমপি ৰক্ষা JCBৰ চালকসহ অন্যান্য সহায়ক সকল।

    ইতিপূৰ্বে ডিব্ৰুগড়ত নলা খননৰ ফলত বিভিন্ন স্থানত গেছ পৰিবাহী পাইপ কাটি অগ্নিকাণ্ড সংঘটিত হৈছিল। আজি পুনৰ তেনে এক ভয়াবহ ঘটনাৰ পৰা ৰক্ষা পৰে ডিব্ৰুগড়ৰ অতি ব্যস্ত দুৰদৰ্শন কেন্দ্ৰৰ সমীপৰ মানকটা পথৰ বাসিন্দা সকল। কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপন কৰিবলৈ সক্ষম হয় এই অগ্নিকাণ্ড।

    Photo Credit: @abdulrajjak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং