25 C
Guwahati
Thursday, October 6, 2022
More

    ছচিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰি পুনৰ বিতৰ্কৰ মাজত লেখক সত্যৰঞ্জন বৰা

    মাজুলীৰ এটা পৰিয়ালক লৈ ছচিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰি এতিয়া বিপদত পৰিছে বিতৰ্কিত লেখকগৰাকী

    বিতৰ্কিত লেখক সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু। মহানগৰীৰ হাতীগাঁও থানাত গোচৰ ৰুজু কৰিলে কংগ্ৰেছৰ সংখ্যালঘু কোষে। মাজুলীৰ এটা পৰিয়ালক লৈ ছচিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰি এতিয়া বিপদত পৰিছে বিতৰ্কিত লেখকগৰাকী।

    পৰিয়ালটোৰ মাতৃ আৰু কন্যাক লৈও অসৌজন্যমূলক মন্তব্য কৰিছিল বৰাই।

    কংগ্ৰেছৰ সংখ্যালঘু কোষে ৰুজু কৰিলে গোচৰ

    ইফটাৰৰ বাবে চেলেং চাদৰ পাৰি দিয়াক লৈ ছচিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি হৈছিল।

    বিভিন্নজনে সমালোচনা কৰিছিল পৰিয়ালটোক। এই বিতৰ্কৰ পিছতে ক্ষমা খুজিছিল মাজুলীৰ এই পৰিয়ালটোৱে।

    ভুলবশতঃ চেলেং চাদৰ ব্যৱহাৰ কৰা বুলি ক্ষমা খুজিছিল পৰিয়ালটোৱে। ইয়াৰ পূৰ্বেও বিভিন্নধৰণৰ বিতৰ্কিত মন্তব্য কৰাৰ ফলত বিজেপি নেতাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

    এজাহাৰ

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং