কংগ্ৰেছৰ অন্তৰ্ৱৰ্তীকালীন ৰাষ্ট্ৰীয় সভাপতি ছোনিয়া গান্ধীৰ বিৰুদ্ধে কৰ্ণাটকৰ শিৱমোগাত এজাহাৰ দাখিল। ছোনিয়া গান্ধীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁ প্ৰধানমন্ত্ৰী কেয়াৰ ফাণ্ডক লৈ অপপ্ৰচাৰ বিয়পাইছে।
১১ মে’ত কংগ্ৰেছৰ টুইটাৰ একাউণ্টত প্ৰধানমন্ত্ৰী কেয়াৰ ফাণ্ডক লৈ ভিত্তিহীন তথ্য বিয়পোৱাৰ অভিযোগ উত্থাপন হয়। প্ৰবীণ কেবী নামৰ এজন লোকে কৰ্ণাটকৰ শিৱমোগাত গোচৰ ৰুজু কৰে। এজাহাৰত ছোনিয়া গান্ধী আৰু কংগ্ৰেছৰ অন্য নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। কিন্তু বৰ্তমানলৈ এইটো স্পষ্টভাৱে হোৱা নাই যে কোনটো টুইটক লৈ গোচৰ ৰুজু কৰা হৈছে।
প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰত ছোনিয়া গান্ধীয়ে কি কৈছিল?
কৰ’ণা সংকটৰ সৈতে যুঁজ দিবলৈ ছোনিয়া গান্ধীয়ে ‘প্ৰধানমন্ত্ৰী কেয়াৰ ফাণ্ড’ৰ সম্পূৰ্ণ ধনৰাশি ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য ফাণ্ড (PMNRF)লৈ স্থানান্তৰিত কৰাৰ পৰামৰ্শ প্ৰদান কৰিছিল।
ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক প্ৰেৰণ কৰা পত্ৰত লিখিছিল, জনতাৰ সেৱাৰ ফাণ্ড বিতৰণ কৰিবলৈ পৃথক পৃথক পদ তৈয়াৰ কৰাটো কষ্ট আৰু সম্পদৰ ক্ষতি। PMNRFত প্ৰায় ৩৮০০ কোটি ৰাশি (বিত্তীয় বৰ্ষ ২০১৯ৰ শেষলৈ) অব্যৱহৃত হৈ আছে। এই ফাণ্ড তথা প্ৰধানমন্ত্ৰী কেয়াৰ ফাণ্ডৰ ৰাশি মিলাই ব্যৱহাৰ কৰি সমাজৰ প্রান্তিকীকৰণত থকা লোকসকলক তত্কালীনভাৱে খাদ্য প্ৰদান কৰা যাওক।
Photo credit: nationalheraldindia.com