29 C
Guwahati
Saturday, October 23, 2021
More

    Breaking: প্ৰতীক হাজেলাৰ বিৰুদ্ধে CBIত গোচৰ APWৰ

    APWৰ হৈ ৰাজীৱ ডেকাই দাখিল কৰে এজাহাৰ

    প্রতীক হাজেলাৰ দুর্নীতিৰ তদন্ত বিচাৰি চিবিআইত গোচৰ ৰুজু এ পি ডব্লিউৰ। APWৰ হৈ ৰাজীৱ ডেকাই দাখিল কৰে এজাহাৰ। এন আৰ চি ৰ লগত জড়িত বিভিন্ন বিষয়ৰ দুর্নীতিৰ চি বি আইৰ তদন্ত বিচাৰি এজাহাৰ আছাম পাব্লিক ৱৰ্কছৰ।

    ১২ নৱেম্বৰত অসমৰ পৰা বিদায় লৈছিল NRC প্ৰধান প্ৰতীক হাজেলাই। ২৩ বছৰ অসমত থাকি বিমানযোগে অসমৰ পৰা বদলি হৈ মধ্যপ্ৰদেশলৈ যাত্ৰা কৰিছিল হাজেলাই।

    উল্লেখ্য যে ১৮ অক্টোবৰত প্ৰতীক হাজেলাক মধ্য প্ৰদেশলৈ বদলিৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে বদলি কৰিলে হাজেলাক। চূড়ান্ত NRC প্ৰকাশৰ পিছতে অসন্তুষ্ট হৈ পৰিছিল একাংশ লোক। চূড়ান্ত NRCত বাদ পৰিছিল ১৯ লাখ ৬ হাজাৰ ৬৫৭জন লোকৰ নাম। ১০০ শতাংশ পুনৰীক্ষণৰ বাবে আবেদন জনাইছিল অসম পাব্লিক ৱৰ্কছে। NRCত ব্যাপক খেলিমেলিৰ অভিযোগ তুলিছিল APW–এ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং