23 C
Guwahati
Thursday, October 28, 2021
More

    হিমন্তক গালি পৰা মহিলাৰ বিৰুদ্ধে এজাহাৰ

    মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অশ্লীল ভাষাৰে গালি পৰাৰ এক ভিডিঅ' ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত

    কেবৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে অসমৰ প্ৰায় সমুহ জনতা। মংগলবাৰে হোৱা অসম বন্ধক সাৰ্থক কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল ৰাজ্যৰ ডেকাৰ পৰা বুঢ়ালৈ, পুৰুষৰ পৰা মহিলালৈ সকলো। তেনে এক প্ৰতিবাদৰে ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। কিয়নো এই ভিডিঅ’টোত দেখা গৈছে কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰা এগৰাকী মহিলা। যি গৰাকী মহিলাই মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অশ্লীল ভাষাৰে গালি পাৰিছে।

    পিছে এতিয়া মহিলাগৰাকীৰ বিৰুদ্ধে উঠিছে এক এজাহাৰ। এজাহাৰ দাখিল কৰিছে জালুকবাৰী সমষ্টিৰ বিজেপি নেতা কৰ্মীয়ে। জালুকবাৰী সমষ্টিৰ দদৰা আৰক্ষী চকীত চিম্পল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বিজেপি কৰ্মকৰ্তাই। কেব বিৰোধীতাৰ নৈতিক অধিকাৰ সকলোৰে আছে কিন্তু এগৰাকী মন্ত্ৰীৰ সন্মানত আঘাতহনা মহিলা গৰাকীৰ এনে কাৰ্যক ধিক্কাৰ বিজেপি কৰ্মকৰ্তাৰ। অতি শীঘ্ৰে মহিলাগৰাকীক গ্ৰেপ্তাৰৰ দাবী জনাইছে বিজেপি কৰ্মী সকলে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং