27 C
Guwahati
Wednesday, June 29, 2022
More

    NRCৰ নামত ১০৮ কোটি টকাৰ বিত্তীয় কেলেংকাৰীৰ গুৰুতৰ অভিযোগ !

    উইপ্র'ই লেপটপ, কেমেৰা, হেভি ডিউটি স্কেনাৰ কাম পিণ্টাৰ, ফটোষ্টেট মেচিন আদি যোগান ধৰিছিল যদিও এনে সামগ্ৰীসমূহৰ প্ৰকৃত মূল্য, যোগান ধৰা চাৰ্টিফিকেট, চালান আদি NRC কর্তৃপক্ষই অডিট কৰাৰ সময়ত প্ৰদৰ্শন কৰিব পৰা নাছিল

    অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাৰ কাৰ্যালয়ত সংঘটিত হৈছে প্রায় ১০৮ কোটি টকাৰ বিত্তীয় কেলেংকাৰী। কেগ ( Comptroller and Auditor General of India ) অর্থাৎ মহাগাণনিকৰ কার্যালয়ে NRC উন্নীতকৰণৰ ক্ষেত্ৰত চলোৱা প্ৰাৰম্ভিক পর্যবেক্ষণত ধৰা পেলাইছ এনে ভয়ানক কেলেংকাৰীৰ তথ্য। কেগে চৰকাৰৰ ওচৰত দাখিল কৰা প্ৰতিবেদন অনুসৰি NRC কৰ্তৃপক্ষই ঠিকা আৱণ্টন দিছিল উইপ্র’ক।

    Photo Credit : Scroll.In

    উইপ্র’ই লেপটপ, কেমেৰা, হেভি ডিউটি স্কেনাৰ কাম পিণ্টাৰ, ফটোষ্টেট মেচিন আদি যোগান ধৰিছিল যদিও এনে সামগ্ৰীসমূহৰ প্ৰকৃত মূল্য, যোগান ধৰা চাৰ্টিফিকেট, চালান আদি NRC কর্তৃপক্ষই অডিট কৰাৰ সময়ত প্ৰদৰ্শন কৰিব পৰা নাছিল। সেৱাকেন্দ্ৰসমূহ স্থাপন কৰাৰ ক্ষেত্ৰতো ব্যাপক বিত্তীয় খেলিমেলি হোৱাৰ লগতে NRC কৰ্মচাৰীক দিয়া দৰমহাতো ওলাই পৰিছে ব্যাপক অনিয়ম। উল্লেখযোগ্য যে কিছুদিন পূর্বে ৰাজ্যৰ বিত্তমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই NRC উন্নীতকৰণৰ নামত ভয়ংকৰ বিত্তীয় কেলেংকাৰী সংঘটিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং