25 C
Guwahati
Thursday, October 6, 2022
More

    কি আছে মোদীয়ে ঘোষণা কৰা ২০ লাখ কোটিৰ আৰ্থিক পেকেজত, সবিশেষ জনাব বিত্তমন্ত্ৰীয়ে

    কালি পঞ্চমবাৰলৈ দেশবাসীক সম্বোধন কৰি নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল আত্মনিৰ্ভৰশীল ভাৰত অভিযান কথা। আৰু সেই উদ্দেশ্যেই ঘোষণা কৰিছিল ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ। দেশৰ সকলো শ্ৰেণীৰ লোকৰ সহায়ক হ’ব পৰাকৈ এই ধনৰাশিৰ কথা ঘোষণা কৰি ইয়াৰ বিষয়ে বিস্তৃতভাৱে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশবাসীক অৱগত কৰিব বুলি ঘোষণা কৰিছিল।

    প্ৰধানমন্ত্ৰীৰ ঘোষণামৰ্মেই আজি বুধবাৰ ১৩ মে’ বিয়লি ৪ বজাত এক সংবাদমেল সম্বোধন কৰিব দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। আৰ্থিক পেকেজৰ সন্দৰ্ভত এই সংবাদমেলতে বিত্তমন্ত্ৰীগৰাকীয়ে বিস্তৃত বিৱৰণ দাঙি ধৰিব।

    ‘আত্মনিৰ্ভৰ ভাৰত’ নামৰ অভিযানৰ জৰিয়তে ঘোষণা কৰা এই আৰ্থিক পেকেজৰ সবিশেষ আজি দাঙি ধৰিব বিত্ত মন্ত্ৰী সীতাৰমণে। বিত্ত মন্ত্ৰ্যালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা সঞ্জীৱ সন্যালে এই আঁচনিখনে সমাজৰ সকলো শ্ৰেণীৰ লোককে সামৰি ল’ব বুলি মন্তব্য কৰিছে।

    উল্লেখ্য যে ভাইৰাছ প্ৰতিৰোধৰ বাবে বিগত ৪৯ দিন ধৰি চলি থকা লকডাউনে ভাৰতৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলোৱাৰ সময়তে প্ৰধান মন্ত্ৰীৰ মোদীৰ ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ ঘোষণাই সকলোকে আশ্বৰ্যকৰ কৰি তোলে।

    মোদীয়ে ঘোষণা কৰা এই ২০ লাখ কোটি টকা দেশৰ জিডিপিৰ প্ৰায় ১০ শতাংশ। ২০২০-২১ৰ অনুমোদিত ৩০ লাখ কোটি টকাৰ বাজেটৰ তুলনাত মাত্ৰ ১০ লাখ কোটি কম।

    কৰ’ণাই তীব্ৰ ৰূপ ধাৰণ কৰা সময়তে ঘোষণা কৰা এই আৰ্থিক পেকেজৰ ফলত দেশৰ কুটীৰ শিল্প, ক্ষুদ্ৰ উদ্যোগষ শ্ৰমিক, কৃষক আৰ মধ্য বিত্ত শ্ৰেণীৰ লোকসকল উপকৃত হ’ব।

    Photo Credit: www.narendramodi.in and The Publish

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং