27 C
Guwahati
Monday, November 29, 2021
More

    শিক্ষা-স্বাস্থ্য-কৃষকৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

    ২০০ নতুন পাঠ্যপুঁথি ই-পাঠদানত যোগ দিয়া হ’ব

    বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আজি আত্মনিৰ্ভশীল ভাৰতৰ আৰ্থিক পেকেজ সন্দৰ্ভত পঞ্চমখন তথা অন্তিমখন সংবাদমেল অনুষ্ঠিত হৈ যায়। আৰ্থিক পেকেজ সন্দৰ্ভত ৭ টা বিষয়ত আঁচনি ঘোষণাৰ লগতে ৰূপৰেখা দাঙি ধৰে। ৭ টা বিষয়ৰ মনৰেগা, স্বাস্থ্য,শিক্ষা, কৃষক অন্যতম বিষয়। ব্যৱসায়ৰ ওপৰতো আলোকপাত কৰে। লগতে ৰাজ্য সমূহৰ বাবে উমৈহতীয়াকৈ আলোচনাও কৰে সীতাৰমণে।

    আজিৰ ৭ টা ক্ষেত্ৰৰ পদক্ষেপ –
    ১ – MNREGA
    ২ – স্বাস্থ্য-গ্ৰামীণ আৰু চহৰীয়া, লগতে শিক্ষা
    ৩ – ব্যৱসায় আৰু #COVID19
    ৪ – #CompaniesAct ৰ বৈধতাকৰণ
    ৫ – #EaseOfDoingBusiness
    ৬ – ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান
    ৭ – ৰাজ্য চৰকাৰ আৰু সমন্ধীয় সম্পদৰাজি

    কিন্তু এই সকলো বোৰৰ ভিতৰত শিক্ষা-স্বাস্থ্য-কৃষকৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। কৃষক সকলৰ ক্ষেত্ৰত কয় যোৱা মাহত এটা কিস্তি প্ৰদান কৰা হৈছে। লগতে প্ৰতিদিনেই ৩০০ খন ৰে’ল যোগে শ্ৰমিকসকলক ঘৰলৈ পঠিওৱাৰ বাবে ব্যৱস্থা কৰা হৈছে।

    আনহাতে স্বাস্থ্য কৰ্মীসকলৰ বাবেও ৫০ লাখ টকাৰ বীমাৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰে কভিড-১৯ প্ৰতিৰোধৰ বাবে ১৫,০০০ কোটি টকাৰ স্বাস্থ্য সম্বন্ধীয় ব্যয়ৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈছে। আৰোগ্য সেতু এপো দেশত কোটি কোটি লোকে ডাউনল’ড কৰিছে। লগতে বৰ্তমান সময়ত দেশত প্ৰতিদিনেই ৩ লাখ কৈ পিপিই কীট নিৰ্মাণ কৰা হৈছে। ৩০০ৰো অধিক কোম্পানীয়ে দেশত নিৰ্মাণ কৰি আছে পিপিই কীট।

    শিক্ষাৰ ক্ষেত্ৰতো প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। ডিজিটেল তথা অনলাইন শিক্ষাৰ ‘মাল্টি-ম’ড’ ব্যৱহাৰৰ বাবে শীঘ্ৰে কাৰ্যক্ৰম আৰম্ভ কৰা হ’ব বুলি কয় বিত্তমন্ত্ৰীগৰাকীয়ে। ২০০ নতুন পাঠ্যপুঁথি ই-পাঠদানত যোগ দিয়া হ’ব। ৩০ মে’ৰ ভিতৰত শীৰ্ষ ১০০ খন বিশ্ববিদ্যালয়ক স্বয়ংক্ৰিয়ভাৱে অনলাইন শিক্ষা আৰম্ভ কৰাৰ অনুমতি দিয়া হ’ব। ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা যাতে ব্যাহত নহয় সেয়া চৰকাৰে নিশ্চিত কৰিছে। ইণ্টাৰনেটৰ সুবিধা নথকাসকলে স্বয়ম প্ৰভা DTH চেনেলৰ সুবিধা লাভ কৰিব। ব্যক্তিগত ডিটিএইছ কোম্পানীসমূহৰ সৈতেও টিভি যোগে পাঠদানৰ বাবে কথা পতা হৈছে।

    দিব্যাংগসকলৰ বাবেও বিশেষ ই-কন্টেন্টৰ কথা ঘোষণা। পিএম ই বিদ্যা কাৰ্যসূচী ‘দীক্ষা’ শীৰ্ষক পাঠদান শীঘ্ৰেই আৰম্ভ কৰা হ’ব। ২৪ মাৰ্চৰ পৰা DIKSHA প্লেটফৰ্ম ৬১ কোটি hits হৈছে। প্ৰতিটো শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে বেলেগ বেলেগ টিভি চেনেলৰ কথা ঘোষণা। এক দেশ এক ডিজিটেল প্লেটফৰ্মৰ কথাও উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। ঘৰত আৱদ্ধ শিশুসকলক মনোবৈজ্ঞানিকভাৱেও সহায় আগবঢ়োৱা হ’ব। ইয়াৰ বাবে মুকলি কৰা হৈছে ‘মনোদৰ্পণ’।

    Photo Credit: PIB

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং