14 C
Guwahati
Sunday, January 23, 2022
More

    অৱশেষত দিল্লীৰ পৰা অহা বিশেষ ৰে’লৰে অসমৰ সকলো যাত্ৰীয়ে উপস্থিত হ’লহি নিজ নিজ জিলাত

    একেবাৰে শেষত পুৱা ৭.৩০ বজাত ডিব্ৰুগড়ৰ বাণীপুৰত প্ৰৱেশ বিশেষ ৰে'লখনে

    অসমত উপস্থিত হ’লহি দিল্লীৰ পৰা অহা বিশেষ যাত্ৰীবাহী ৰে’ল। অসমৰ সকলো জিলাতে উপস্থিত হ’ল যাত্ৰী সকল। মুঠ ৫০০জন যাত্ৰী আহে ৰাজধানী এক্সপ্ৰেছত। এই যাত্ৰীসকলৰ ভিতৰত গুৱাহাটীত নামে ১৩০গৰাকী যাত্ৰী। নিশা প্ৰায় ১০.৩০ বজাত দিল্লীৰ পৰা অহা প্ৰথমখন ৰে’ল উপস্থিত হয় গুৱাহাটীত। গুৱাহাটীত কিছু যাত্ৰী নমাৰ পাছত ৰে’লখন ৰাওনা হয় ডিব্ৰুগড়লৈ।

    দিল্লী-ডিব্ৰুগড় বিশেষ যাত্ৰীবাহী ৰাজধানী ট্ৰেইনখন কোকৰাঝাৰ আৰু গুৱাহাটীৰ পিছত নিশা ২.১০ বজাত লামডিং ষ্টেচনত উপস্থিত হয়। লামডিং ষ্টেচনত সৰ্বমুঠ ৪৪ গৰাকী যাত্ৰী নামে৷ ইয়াৰে ভিতৰত লামডিঙৰ ১৬ জন, হোজাই জিলাৰ ৮ জন, কাৰ্বি আংলং ৬ জন, ডিমাহাচাও ৭ জন, বিশ্বনাথ চাৰিআলিৰ ৫জন আৰু মোৰাঝাৰৰ ১জন যাত্ৰী৷ bappi malakar

    তাৰ পিছতে বিশেষ যাত্ৰীবাহী ৰে’ল যোগে মৰিয়নীত  উপস্থিত হ’য় ৩৭ জন যাত্ৰী। আজি পুৱা ৫ বজাত মৰিয়নী জংচনত প্ৰৱেশ কৰে বিশেষ ৰে’ল খনে। মৰিয়নীত উপস্থিত হোৱা যাত্ৰীসকৰ ভিতৰত গোলাঘাটৰ ১৫জন, যোৰহাটৰ ১৯জন, মাজুলীৰ ১জন আৰু শিৱসাগৰৰ ২জন। যাত্ৰীসকলক স্বাস্থ্য পৰীক্ষা কৰা পাছতে বাছ যোগে পোনে পোনে কাজিৰঙা বিশ্ববিদ্যালয়ত স্থাপন কৰা কোৱাৰাণ্টাইন চেন্টাৰলৈ লৈ যোৱা হয়। আন জিলাৰ যাত্ৰী সকলক নিজ নিজ জিলাত স্থাপন কৰা কোৱাৰাণ্টাইন চেন্টাৰলৈ লৈ বাছ যোগেদি পঠিয়াই যোৰহাট জিলা প্ৰশাসনে৷ ৰে’ল বিভাগৰ হাতত মৰিয়নী জংচনত মাত্ৰ দুগৰাকী লোক নমাৰ তথ্য আছিল যদিও সকলোৱে ভবাতকৈ বহু বেছি লোক জংচনতোত নামে৷
    soopon rahman

    একেবাৰে শেষত পুৱা ৭.৩০ বজাত ডিব্ৰুগড়ৰ বাণীপুৰত প্ৰৱেশ বিশেষ ৰে’লখনে। দিল্লীৰ পৰা আৱদ্ধ যাত্ৰীক লৈ ডিব্ৰুগড়ত উপস্থিত হয় ৰাজধানী এক্সপ্ৰেছ খন।

    Input Credit: @Bappi Malakar, @sopoonrehmansaikia @abdulrajjak

    Photo Credit: @himantabiswa

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং