27 C
Guwahati
Wednesday, March 29, 2023
More

    আনৰ মাটিৰ ওপৰেৰ ট্ৰেক্টৰ চলোৱাক লৈ দুটা ফৈদৰ মাজত ভয়ানক সংঘাট, সংকটজনক অৱস্থাত ৭ জনক GMCHলৈ প্ৰেৰণ

    প্ৰথমে কথাৰ কটাকটি পিছত সেই বাকযুদ্ধ গৈ হতাহতিত পৰিণত হয়

    নিশা নলবাৰীৰ মুকালমুৱাৰ ঘোগাত দুটা পক্ষৰ মাজত সংঘটিত হয় ভয়ানক সংঘাট। এই সংঘাটৰ পৰিণতি ইমানেই ভয়াবহ যে সংকটজনক অৱস্থাত দুয়ো পক্ষৰ ৭ জনকৈ লোকক GMCH লৈ প্ৰেৰণ।

    ঘটনা সন্দৰ্ভত জানিব পৰা মতে এটা পৰিয়ালৰ ভূমিৰ ওপৰেৰে ট্ৰেক্টৰ চলোৱাক লৈ দুই পক্ষৰ সংঘটিত হয় এই সংঘাট। প্ৰথমে কথাৰ কটাকটি পিছত সেই বাকযুদ্ধ গৈ হতাহতিত পৰিণত হয়।

    দুয়ো পক্ষৰ আক্ৰমণ-প্ৰত্যাক্ৰমত মহিলাসহ মুঠ ১১ জন আহত। আহত আটাইকেইজনকে মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। যদিও পিছত তাৰে ৭জনৰ অৱস্থা সংকটজনক হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

    GMCH লৈ প্ৰেৰণ কৰা কেইজন বিজু আহমেদ(২০), ৰফিক আলী(৩২), আয়ুব আলী(২৬), ফৰিদা বেগম(২৭), মিৰ হুছেইন(৪০), ফৰমুদ আলী(৫২) আৰু মনিৱাৰা বেগম বুলি জানিব পৰা গৈছে।

    Photo Credit: Hirak Deka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং