25 C
Guwahati
Wednesday, October 20, 2021
More

    দাতা কৰ্ণ অক্ষয় কুমাৰ! দেশজুৰি প্ৰশংসিত বলীউডৰ খিলাড়ী

    মই যেতিয়া মোৰ অভিনয় যাত্ৰা আৰম্ভ কৰিছিলো মোৰ একোৱেই নাছিল। শূন্য আছিলো

    ভাৰত এতিয়া কৰ’ণা ভাইৰাছত আক্ৰান্ত। প্ৰতিদিনে বৃদ্ধি পাইছে মৃত্যু আৰু আক্ৰান্ত হোৱা লোকৰ সংখ্যা। দেশৰ এই দুৰ্যোগৰ সময়ত বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে PM-CARES ফাণ্ডত দান কৰিছে ২৫ কোটি টকা। অভিনেতাগৰাকীয়ে আগবঢ়োৱা এই বিশাল ধনৰাশিৰ বাবে দেশজুৰি প্ৰশংসিত হৈছে খিলাড়ী অক্ষয় কুমাৰ। দেশৰ সংকটৰ সময়ত তেওঁ সহায়ৰ হাত আগবঢ়োৱা এয়াই প্ৰথম নহয়।

    ইয়াৰ পূৰ্বে অক্ষয়ে পুলৱামা শ্বহীদৰ পৰিয়াললৈ ৫কোটি, অসমৰ বানপানীত ২ কোটি, চেন্নাই বানত ১ কোটি, চিআপপিএফৰ পৰিয়াললৈ ১.০৮ কোটি,WCLলৈ ৫০ লাখ, HFTলৈ ১.৫কোটি টকা আৰু শেহতীয়াকৈ কৰ’ণাৰ বিৰুদ্ধে যুঁজ দিবলৈ চৰকাৰলৈ আগবঢ়ালে ২৫ কোটি টকা। কেৱল এয়াই নহয় অনেক সৰু-বৰ বিপদতো মানুহক সহায় কৰিবলৈ আগবাঢ়ি আহে অক্ষয় কুমাৰ।

    অভিনেতাগৰাকীয়ে কৰ’ণা সংকটত ২৫ কোটি আগবঢ়োৱাৰ সিদ্ধান্ত লওতে অক্ষয়ৰ পত্নী টুইংকল খান্নাই সুধিছিল-ইমানখিনি টকা সঁচাকৈয়ে আপুনি দিব ওলাইছেনে?পাৰিব জানো? টুইংকলৰ প্ৰশ্নৰ উত্তৰ দি অক্ষয়ে কৈছিল-”মই যেতিয়া মোৰ অভিনয় যাত্ৰা আৰম্ভ কৰিছিলো মোৰ একোৱেই নাছিল। শূন্য আছিলো।

    কিন্তু আজি মই সমাজক কিবা দিব পৰা অৱস্থাত যিহেতু আছো সেয়ে মই দিবই লাগিব আৰু পৰালৈকে দি যাম সেইসকলক যি অভাৱত আছে।” কেৱল অভিনয়ৰ কাৰণেই নহয় এনে মহানুভৱতা আৰু মানৱ দৰদী গুণৰ বাবেও জনসাধাৰণৰ হৃদয়ত সুকীয়াকৈ আসন ল’বলৈ সক্ষম হৈছে বলীউডৰ খিলাড়ী অক্ষয় কুমাৰ। তেওঁক এতিয়া অনুৰাগীয়ে নতুনকৈ নাম দিছে-দাতা কৰ্ণ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং