কাইলৈৰ পৰা পুনৰ আৰম্ভ হ’ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। ৫০% যাত্ৰী আৰু সামাজিক দূৰত্ব বজাই ৰাখি ফেৰীসমূহ চলাবলৈ সিদ্ধান্ত লৈছে আভ্যন্তৰিক জল পৰিবহণ বিভাগে। উল্লেখ্য যে ২৩ মাৰ্চৰ পৰা বন্ধ হৈ আছিল গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱাসমূহ।
TIME8ক এই তথ্য জনালে সঞ্চালক পবিত্ৰৰাম খাউণ্ডে। কৰ’ণা ভাইৰাছৰ প্ৰভাৱ ৰুধিবলৈ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা লকডাউনৰ বাবে বন্ধ হৈ পৰিছিল ফেৰী সেৱাসমূহ।
Photo credit: youtube.com