34 C
Guwahati
Saturday, October 1, 2022
More

    আজিৰে পৰা পুনৰ আৰম্ভ উত্তৰ গুৱাহাটীৰ ফেৰীসেৱা

    যাত্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছে ফেৰী সেৱা

    আজিৰে পৰা পুনৰ আৰম্ভ হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা। গুৱাহাটী মধ্যম খণ্ড, ৰাজদুৱাৰ আৰু গুৱাহাটী-কুৰুৱাৰ ফেৰী সেৱা আৰম্ভ। ইতিমধ্য চলাচল আৰম্ভ হৈছে ফেৰী সমূহৰ।

    ৫০ শতাংশ যাত্ৰীৰে সামাজিক দুৰত্ব বজাই ৰাখি ফেৰী সমূহ চলাবলৈ সিদ্ধান্ত লৈছে আভ্যন্তৰিক জল পৰিবহনৰ বিভাগে। অৱশ্যে ইয়াৰ বাবে কটোৰ নিয়ম বান্ধি দিছে জল পৰিবহনৰ বিভাগে। যাত্ৰীয়ে মাস্ক পিন্ধিহে উঠিব পাৰিব ফেৰীত।

    উল্লেখ্য যে যোৱা ২৩ মাৰ্চৰ পৰা বন্ধ আছিল গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। এক নিৰ্দেশৰ যোগেদি অনুমতি দিলে আভ্যন্তৰিক জল পৰিবহনৰ বিভাগৰ সঞ্চালক পবিত্ৰ ৰাম খাউণ্ডে।

    Photo Credit: @nitopammedhi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং