30 C
Guwahati
Wednesday, October 27, 2021
More

    উন্নাও ধৰ্ষিতা যুৱতীৰ পিতৃয়ে ক’লে- মোক ঘৰ নালাগে, কেৱল দোষীয়ে হায়দৰাবাদ এনকাউণ্টাৰৰ দৰে শাস্তি পাব লাগে

    যুৱতীগৰাকীয়ে আৰক্ষীক জনাইছিল যে তাইক জীৱিত অৱস্থাত জ্বলাই দিয়াৰ পূৰ্বে মাৰধৰ কৰিছিল আৰু চাকুৰে আক্ৰমণ কৰিছিল

    উন্নাও ধৰ্ষিতা যুৱতীৰ পিতৃৰ দাবী যে তেওঁৰ কন্যাৰ হত্যাকাৰীক ঠিক তেনেদৰে ‘গুলী মাৰিব লাগে’ যিদৰে তেলেংগানা আৰক্ষীয়ে শুকুৰবাৰে ৪ ধৰ্ষণকাৰীক এনকাউণ্টাৰ কৰিছিল। ভুক্তভোগী যুৱতীগৰাকীয়ে শুকুৰবাৰে সন্ধিয়া দিল্লীৰ ছফদৰজং হাস্পতালত চিকিত্সাধীন অৱস্থাত মৃত্যুক সাৱটি লয়। পীড়িত যুৱতীগৰাকীৰ পিতৃয়ে সংবাদমাধ্যমক জনোৱা অনুসৰি, ‘মই চৰকাৰ আৰু প্ৰশাসনৰ পৰা এইটোৱে বিচাৰো যে যেনেকুৱা হায়দৰাবাদত ঘটিল, ঠিক সেইদৰে দোষীক ফাঁচী বা গুলী মাৰি হত্যা কৰা হওক। মই লুভীয়া নহয়। মোক কোনধৰণৰ ঘৰ নালাগে। মোক একো নালাগে।’

    ইফােল পীড়িত যুৱতীগৰাকীৰ ভাতৃয়ে নিজৰ ভগ্নীৰ বাবে ন্যায় দাবী কৰি কয় যে দোষীয়েও সেই একেই শাস্তি পাব লাগে যেনেকুৱা তেওঁৰ ভগ্নীৰ সৈতে হৈছে।

    ধৰ্ষিতা যুৱতীগৰাকীক উচিত চিকিত্সাৰ বাবে লক্ষ্ণৌৰ পৰা এয়ালিফ্টেৰে দিল্লীৰ সফদৰজং হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। সফদৰজং হাস্পতালত পীড়িত যুৱতীগৰাকীৰ বাবে পৃথকভাৱে ICU প্ৰস্তুত কৰা হৈছিল। তাত চিকিত্সৰ এটা দলৰ নিৰীক্ষণত ৰখা হৈছিল। কিন্তু চিকিত্সকেও ৰক্ষা কৰিব নোৱাৰিলে যুৱতীগৰাকীক।

    যুৱতীগৰাকীয়ে আৰক্ষীক জনাইছিল যে তাইক জীৱিত অৱস্থাত জ্বলাই দিয়াৰ পূৰ্বে মাৰধৰ কৰিছিল আৰু চাকুৰে আক্ৰমণ কৰিছিল। ধৰ্ষণ কৰা অভিযুক্তকেইটাই এই কাণ্ড কৰিছিল। তাই ধৰ্ষণ কাণ্ডৰ শুনানিৰ বাবে ৰায়বেৰেলীলৈ গৈ আছিল আৰু সেই সময়তে তাইক ৫জন লোক ঘেৰাও কৰিছিল আৰু জ্বলাই দিছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং