গুৱাহাটীত এগৰাকী ফেশ্বন ডিজাইনাৰৰ ৰহস্যজনক মৃত্যু। জালুকবাৰীত উদ্ধাৰ হয় মৃতদেহ। নিজৰ কোঠাতে চিপ লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো।
দীৰ্ঘদিনধৰি প্ৰেমিক দীপাংকৰ দাসৰ সৈতে বাস কৰিছিল যুৱতীগৰাকীয়ে। দীপাংকৰো গুৱাহাটীত ফেশ্বন ডিজাইনাৰ হিচাপে কৰ্মৰত বুলি জানিব পৰা গৈছে। দুয়োৰে মাজত কাজিয়াৰ পৰিণতিতে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে। প্ৰেমিক দীপাংকৰ দাসক সোধা–পোছাৰ বাবে আটক কৰিছে আৰক্ষীয়ে। এয়া হত্যা নে আত্মহত্যাৰ ঘটনা সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।
Graphic: Time8