26 C
Guwahati
Friday, November 26, 2021
More

    আত্মহত্যা নহয় হত্যাৰ অভিযোগ পানেৰী থানাৰ SI সুকুমাৰ তালুকদাৰৰ পৰিয়ালৰ

    সুকুমাৰ তালুকদাৰৰ পত্নী আৰু স্থানীয় ৰাইজে সুকুমাৰে মানসিক নিৰ্যাতনৰ বোজা সহিব নোৱাৰি আত্মহত্যা কৰিবলৈ বাধ্য হৈছে বুলি মন্তব্য কৰে

    নলবাৰী জিলাৰ নিবাসী তথা ওদালগুৰি জিলাৰ পানেৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুকুমাৰ তালুকদাৰৰ আত্মহত্যাৰ ঘটনাত ৰহস্য ঘনিভূত হৈ পৰিছে।

    ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ পৰিয়ালৰ অভিযোগ এয়া আত্মহত্যা নহয় হত্যা হে।

    এজন আত্মহত্যা কৰা লোকে কেনেকৈ নিজৰ মূৰত দুটাকৈ গুলি কৰিব পাৰে।

    ইয়াৰ উপৰিও শুকুৰবাৰৰ নিশাৰেই ঘটনাৰ খবৰ শুকুৰবাৰে দিনৰ প্ৰায় ১২ বজাতহে পত্নী মামনি তালুকদাৰে আত্মীয়ৰ পৰা লাভ কৰে।

    পানেৰী থানাৰ পৰা তেওঁক নিজৰ স্বামীৰ মৃত্যুৰ খৱৰ নোপোৱাটো দুৰ্ভাগ্যজনক আৰু ৰহস্যজনক বুলি অভিযোগ তুলিছে তেওঁৰ পত্নীয়ে।

    পত্নীয়ে অভিযোগ কৰা মতে সুকুমাৰৰ সৰলতাৰ সুযোগ লৈ তেওঁক সঘনে বিভিন্ন ঠাইলৈ বদলি কৰা বহুমাহ ধৰি দৰমহা বন্ধকৰি থোৱা, ঘৰলৈ যাবৰ বাবে চুটী নিদিয়াৰো অভিযোগ কৰে।

    শুকুৰবাৰে নিশা সুকুমাৰৰ শৱদেহ গাওঁৰ ঘৰলৈ অনাত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়।

    প্ৰায় দুই ঘণ্টাধৰি সুকুমাৰৰ শৱদেহ স্থানীয় ৰাইজ আৰু পত্নীয়ে নমাব দিয়া নাছিল।

    পিছত নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(DSP) জুপি বৰদলৈ ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।

    সুকুমাৰৰ পত্নী আৰু স্থানীয় ৰাইজে সুকুমাৰে মানসিক নিৰ্যাতনৰ বোজা সহিব নোৱাৰি আত্মহত্যা কৰিবলৈ বাধ্য হৈছে বুলি মন্তব্য কৰে।

    আনহাতে সুকুমাৰ তালুকদাৰে নিজৰ চাৰ্ভিচ পিষ্টলেৰে নিজৰ মুৰত কেনেকৈ দুটা গুলী কৰিব পৰিলে বুলিও অভিযোগ কৰিছে।

    মুৰত এটা গুলি লগাৰ পিছত তেওঁ কেনেকৈ দ্বিতীয়টো গুলি মাৰিব পাৰিলে।এই ঘটনাটো অতি ৰহস্যজনক বুলিও সন্দেহ কৰিছে ৰাইজে।

    এফালে শুকুৰবাৰে তেওঁৰ মৃতদেহ নিজ ঘৰলৈ অনাৰ সময়ত পানেৰী থানাৰ এজনো লোক কিয় নাহিলে বুলিও প্ৰশ্ন উত্থাপন কৰিছে পৰিয়াল আৰু স্থানীয় ৰাইজে।

    জবাবদিহি কৰিছে শৱদেহ চমজাই দিব অহা আৰক্ষীৰ দলক। মৃত্যুৰ সময়ত সুকুমাৰ তালুকদাৰে পত্নীৰ লগতে দুই উচ্চশিক্ষিতা কন্যাক বন্দিতা তালুকদাৰ, ভাগ্যশ্ৰী তালুকদাৰক এৰি থৈ গৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং