26 C
Guwahati
Wednesday, September 28, 2022
More

    তান্ত্ৰিকৰ ৰূপত চোৰ! লুটিলে ৪ লাখ টকাসহ ৩ তোলা সোণ

    গাঁওখনৰ প্ৰবীণ কুমাৰ শৰ্মা আৰু দিপীকা শৰ্মা নামৰ দম্পতীৰ পৰা নিজকে অজয় ওজা বুলি পৰিচয় দি তান্ত্ৰিক এজনে ৩ লাখ ৭৫ হাজাৰ টকাৰ লগতে তিনি তোলা সোণ লুটি লৈ যায়

    নলবাৰীৰ বৰভাগৰ বালা গাঁৱত ভুৱা তান্ত্ৰিকৰ কবলত পৰি এটা পৰিয়াল সৰ্বস্বান্ত হেৰুৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। গাঁওখনৰ প্ৰবীণ কুমাৰ শৰ্মা আৰু দিপীকা শৰ্মা নামৰ দম্পতীৰ পৰা নিজকে অজয় ওজা বুলি পৰিচয় দি তান্ত্ৰিক এজনে ৩ লাখ ৭৫ হাজাৰ টকাৰ লগতে তিনি তোলা সোণ লুটি লৈ যায়।

    ভুক্তভোগী দম্পতীয়ে Time8ক জনোৱা অনুসৰি অজয় ওজা নামৰ ভুৱা তান্ত্ৰিকজনে প্ৰথম দুদিন পৰিয়ালটোৰ ঘৰত প্ৰৱেশ কৰি পূজা-পাতল কৰাৰ লগতে তেওঁলোকৰ ঘৰৰ ভেটিত টকাৰ ভাণ্ডাৰৰ লগতে মনসা দেৱীৰ কিবা বস্তু থকা বুলি কৈ উলিয়াই দিব বুলি কয়। পিছত ৯ ছেপ্টেম্বৰত পুনৰ তেওঁলোকৰ ঘৰলৈ আহি তেওঁলোকৰ লগত থকা ধন দুগুণ কৰি ঘৰৰ ভেটিৰ তলত থকা ভাণ্ডাৰৰ পৰা উলিয়াই দিম বুলি কৈ টকা বিচৰাত তেওঁলোকে বিশ্বাস কৰি ৩ লাখ ৭৫ হাজাৰ টকা উলিয়াই দিয়াৰ পিছত ধনখিনি তান্ত্ৰিকটোৱে কাগজ এখনেৰে মেৰিয়াই বান্ধি কলপাতত থৈ দিয়াৰ লগতে তেওঁলোকৰ লগত থকা গহনা বিচাৰে।

    তাৰ পিছত ভুৱা তান্ত্ৰিকজনে টকাখিনি আৰু সোণখিনি বাকচ এটাত থবলৈ দি তেওঁলোকক টকাখিনি তিনিদিন নুচুবলৈ পৰামৰ্শ দিয়ে। তান্ত্ৰিকটোৰ কথাত প্ৰথমে বিশ্বাস কৰে যদিও পিছত সন্দেহ উপজাত বক্সটো খুলি চাই ভিতৰত মাত্ৰ দুখন উকা কাগজ প্ৰত্যক্ষ কৰি আচৰিত হয়। লগে লগে তান্ত্ৰিকটোক তেওঁলোকে যোগাযোগ কৰে যদিও সফল হ’ব নোৱাৰিলে। উপায়হীন হৈ পৰিয়ালটোৱে কমাৰকুছি আৰক্ষী চকীত গোচৰ তৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং