28 C
Guwahati
Tuesday, October 4, 2022
More

    ভয়ংকৰ ভূমিস্খলন ম্যানমাৰত, অতি কমেও ১১৩ গৰাকী লোকৰ মৃত্যু

    অতিকে ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে ম্যানমাৰত। যাৰ ফলত কমেও ১১৩ গৰাকী লোকৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে।

    ইয়াৰে ভিতৰত বৰ্তমানলৈ ৫০ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে।

    এই ভয়াবহ ভূমিস্খলটো সংঘটিত হৈছে উত্তৰ ম্যানমাৰৰ এটা শিলৰ কুৱেৰীত। ২ জুন বৃহস্পতিবাৰে পুৱাই সংঘটিত হয় এই ঘটনা।

    দেশখনৰ অগ্নিনিৰ্বাপক বাহিনীৰ ফেচবুক পেজত প্ৰকাশ পোৱা বাতৰি অনুসৰি কুৱেৰীটোৰ শ্ৰমিকসকলে কাচিন প্ৰদেশৰ হ্পকাণ্ট অঞ্চলত পুৱা শিল সংগ্ৰহ কৰি আছিল।

    শিল সংগ্ৰহ কৰি থাকোতেই মুষলধাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ মাটিয়ে শ্ৰমিকসকল পুতি পেলায়।

    কুৱেৰীটোৰ মুখপত্ৰই কোৱা অনুসৰি ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰায় ১১৩ গৰাকী লোকে সেই স্থানত কাম কৰি আছিল।

    Photo Credit: Aljajeera.com, bloomberg.com, trtworld.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং