25.4 C
Guwahati
Thursday, October 14, 2021
More

    ৰূপহীহাটৰ পৰীক্ষা কেন্দ্ৰৰ পৰা ছাত্ৰ আৰু নিৰীক্ষক বহিস্কাৰ

    বহিস্কৃত নিৰীক্ষকজন জয়নাৰায়ন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰৱী বিভাগৰ বিষয় শিক্ষক মজিবুৰ ৰহমান

    ৰূপহীহাটৰ বগৰিগুৰী মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাকেন্দ্ৰৰ পৰা আজি নিলম্বিত কৰা হয় এজন ছাত্ৰক। অসৎ উপায় অৱলম্বন কৰাৰ কাৰণে নিলম্বিত হ’ল ছাত্ৰজন। ইফালে জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাকেন্দ্ৰৰ পৰা এগৰাকী নিৰীক্ষকক নিলম্বন কৰা হয়। কৰ্মত গাফিলতি কৰাৰ লগতে এগৰাকী পৰীক্ষাৰ্থীক বিধিবৰ্হিভূতভাৱে সহায় কৰাৰ বাবেই নিলম্বিত হ’বলগীয়া হ’ল নিৰীক্ষকজন।

    Watch Video

    বহিস্কৃত নিৰীক্ষকজন জয়নাৰায়ন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰৱী বিভাগৰ বিষয় শিক্ষক মজিবুৰ ৰহমান। নিৰীক্ষকজনক অন্তিম পৰীক্ষালৈকে নিলম্বন কৰিছে পৰীক্ষা পৰ্যবেক্ষকে। পৰীক্ষা পৰ্যবেক্ষকে এই বিষয়ে সাংবাদিকক সবিশেষ জনাবলৈ অস্বীকাৰ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং