সাধাৰণ জনতাক মাধমাৰ সোধাই পুনৰ বৃদ্ধি পাব পেট্ৰ’ল–ডিজেলৰ মূল্য। আন্তঃৰাষ্ট্ৰীয় তেলৰ বজাৰত তেলৰ মূল্য হ্ৰাস পোৱাৰ ফলত হ’ব পৰা লাভৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে শনিবাৰে পেট্ৰ’ল আৰু ডিজেলত আবকাৰী শুল্ক প্ৰতিলিটাৰত ৩ টকা বৃদ্ধি কৰে।
বিশেষ আবকাৰী শুল্ক পেট্ৰ’লৰ ক্ষেত্ৰত প্ৰতিলিটাৰত ২ টকাৰ পৰিৱৰ্তে ৮ টকা আৰু ডিজেলত ৪ টকা বৃদ্ধি কৰা হয় বুলি প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ ফালৰ পৰা জানিব পৰা গৈছে। পেট্ৰ’ল আৰু ডিজেলত পথ উপকৰ ১ টকা বৃদ্ধি কৰি ১০ টকা কৰা হয়।
আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য হ্ৰাস পোৱাৰ পাছতো পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী মূল্য বৃদ্ধিৰ সিদ্ধান্তই গ্ৰাহকক পেট্ৰ’ল আৰু ডিজেলত অতিৰিক্ত মূল্য ভৰিবলৈ বাধ্য কৰাব। ১৪ মাৰ্চৰ নিশা ১২ বজাৰ পৰা হ’ব কাৰ্যকৰী এই শুল্ক।
Photo Credit: justdial