16 C
Guwahati
Thursday, December 8, 2022
More

    পেট্ৰ’লত ১০ টকা আৰু ডিজেলত ১৫ টকাকৈ বৃদ্ধি শুল্ক

    বুধবাৰৰ পৰা নতুন নিৰিখ শুল্ক প্ৰযোজ্য হ’ব

    কৰ’ণা ভাইৰাছৰ বাবে ৰাজ্যত এতিয়া বহু বস্তুৰে মূল্য বৃদ্ধি পৰিলক্ষিত হৈছে। এফালে লকডাউনৰ বাবে কাম নহোৱাৰ লগতে হাতত টুটি আহিছে জমা ধম। যাৰ বাবে এতিয়া সকলো বস্তুৰে মূল্য বৃদ্ধি হোৱাত মাধমাৰ পৰিছে সাধাৰণ জনতাৰ ওপৰত। কেইবাখনো ৰাজ্যই সুৰাৰ মূল্য বৃদ্ধি কৰাৰ পাছত এইবাৰ কেন্দ্ৰীয় চৰকাৰে ইন্ধনৰ ওপৰতো আবকাৰী শুল্ক বৃদ্ধি কৰিছে।

    মঙলবাৰে নিশাৰ ভাগত এক সিদ্ধান্ত মৰ্মে চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক বৃদ্ধি কৰি। বিত্ত মন্ত্ৰণালয়ে জাৰি কৰা এক জাননী অনুসৰি, বুধবাৰৰ পৰা প্ৰতি লিটাৰ ডিজেলত ১৫ টকাকৈ আৰু প্ৰতিলিটাৰ পেট্ৰ’লত ১০টকাকৈ শুল্ক বৃদ্ধি পাব।

    আৰ্থিক মন্দাৱস্থা দূৰ কৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে, এইবাৰকে ধৰি চলিত দুমাহৰ ভিতৰত চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ শুল্ক দুবাৰকৈ বৃদ্ধি কৰিছে। ইয়াৰ উপৰিও দেশৰ কেইবাখনো ৰাজ্যই পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত নিজাববীয়াকৈ কৰ আৰোপ কৰিছিল। যাৰ বাবে বৃদ্ধি পাইছিল পেট্ৰ’ল-ডিজেলৰ মূল্য।

    অসমতো কৰ’ণা ভাইৰাছৰ বাবে দিয়া লকডাউনৰ সময়চোৱাত আৰ্থিক দুৰাৱস্থা কিছু দূৰ কৰিবলৈ চৰকাৰে ৫ টকাকৈ ইন্ধনৰ মূল্য বৃদ্ধি কৰিছিল। অৱশ্যে এই শুল্ক বৃদ্ধিৰ প্ৰভাৱ খুচুৰাকৈ পেট্ৰ’ল আৰু ডিজেল ক্ৰয় কৰা গ্ৰাহকসকলৰ ওপৰত নপৰে বুলিও সদৰী কৰিছে বিত্ত মন্ত্ৰণালয়ে।

    Photo Credit: Swarajya

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং