12.5 C
Guwahati
Saturday, January 29, 2022
More

    মেঘালয়-হিমাচল প্ৰদেশৰ বাহিৰে অন্য ৰাজ্যই বিচৰা নাই লকডাউন বৃদ্ধি

    এই বৈঠকত উপস্থিত নাথাকে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন

    আজি ২৭ এপ্ৰিল ২০২০ তাৰিখে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ ভিডিঅ’ কনফাৰেন্সিং। এই বৈঠকত মোদীৰ সৈতে উপস্থিত থাতে গৃহ মন্ত্ৰী অমিত শ্বাহ। এই ভিডিঅ’ কনফাৰেন্সিঙত মোদীয়ে সকলোকে লকডাউন আৰু কভিড-১৯ সন্দৰ্ভত নিজ নিজ ৰাজ্যৰ ওপৰত স্থিতি সম্পৰ্কে বাখ্যা কৰিবলৈ কয়।

    উল্লেখ্য যে দেশৰ দুখন ৰাজ্য মেঘালয় আৰু হিমাচল প্ৰদেশে বিচাৰিছে এই লকডাউন আৰু বৃদ্ধি হোৱাটো। তাৰ বাহিৰে দেশৰ অন্য ৰাজ্য সমূহে বিচৰা নাই এই লকডাউনৰ সময়সীমা আৰু অধিক বৃদ্ধি হওঁক।

    পিছে এই বৈঠকত উপস্থিত নাথাকে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন। তেওঁ লিখিত আকাৰে দাখিল কৰে ৰাজ্য সন্দৰ্ভত মন্তব্য। মুখ্যমন্ত্ৰীৰ সলনি এই বৈঠকত কেৰালাৰ হৈ উপস্থিত থাকে মুখ্য সচিবগৰাকী।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং