নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সৰ্বত্ৰে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে গণৰাজ্য দিৱসৰ দিনটোতে জাতিধ্বংসী আইনখন বাতিলৰ দাবীত ধৰ্মঘটত বহিল অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা ৷
বিশিষ্ট গান্ধীবাদী নেতা গৰাকীয়ে দেওবাৰে পুৱা বিহপুৰীয়াত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ পাছতে পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ নকৰাকৈয়ে জাতিধংসী আইনখন বাতিলৰ দাবীত ছঘন্টাৰ বাবে ধৰ্মঘটত বহে ৷ প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীৰ লগত স্থানীয় কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদে অংশগ্ৰহণ কৰে ৷
Photo Credit:@hassinuralom