27 C
Guwahati
Wednesday, October 13, 2021
More

    যাৱজ্জীৱন কাৰাদণ্ড উন্নাও ধৰ্ষণ কাণ্ডৰ অভিযুক্ত বিধায়ক কুলদ্বীপ চেংগাৰক

    যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২৫ লাখ টকাৰ জৰিমনাও বিহা হৈছে কুলদ্বীপ চেংগাৰক

    উত্তৰ প্ৰদেশৰ উন্নাওত সংঘটিত হোৱা দেশ কপোৱা ধৰ্ষণ কাণ্ডৰ অভিযুক্ত প্ৰাক্তন বিজেপি বিধায়ক কুলদ্বীপ চেংগাৰক যাৱজ্জীৱন কাৰাদণ্ড দিল্লীৰ তীছ হাজাৰী আদালতৰ। নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত হৈছে প্ৰাক্তন বিজেপি বিধায়ক কুলদ্বীপ চেংগাৰ। দিল্লী আদালতৰ ৰায় অনুসৰি প্ৰাক্তন বিজেপি বিধায়কগৰাকীক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২৫ লাখ টকাৰ জৰিমনাও বিহা হৈছে।

    উল্লেখ্য যে ২০১৭ চনত সংঘটিত হৈছিল এই কাণ্ড, যি পিছলৈ উন্নাও ধৰ্ষণ কাণ্ড হিচাপে দেশ জোকাৰি গৈছিল। ঘটনাত অভিযু্ক্ত হোৱাৰ পিছতে উত্তৰপ্ৰদেশ ৰাজ্যিক বিজেপিৰ পৰা বহিষ্কাৰ কৰা হৈছিল কুলদ্বীপ চেংগাৰক। লগতে বিধায়ক পদৰ পৰাও বহিষ্কাৰ কৰা হৈছিল চেংগাৰক।

    Photo Credit: scroll.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং