26 C
Guwahati
Wednesday, September 28, 2022
More

    চৰকাৰী মাটি বেদখল কৰা ৭৬টা পৰিয়ালক উচ্ছেদ, জিলা প্ৰশাসনৰ এই অভিযান

    উচ্ছেদিত লোকসকলে প্ৰশাসনৰ লোকক উচ্ছেদ অভিযানত বাধা প্ৰদান কৰে। নিজৰ সপোনৰ ঘৰখন ভাঙি পেলোৱাৰ বাবে উচ্ছেদস্থলীত মাটিত বাগৰি বাগৰি হিয়া ঢাকুৰি কান্দে উচ্ছেদিত লোকসকলে

    সোমবাৰে লখিমপুৰৰ চানমাৰিত জিলা প্ৰশাসনে চলালে উচ্ছেদ অভিযান। অবৈধভাৱে চৰকাৰী মাটি বেদখল কৰা ৭৬টাকৈ পৰিয়ালৰ ওপৰত পৰিল চৰকাৰী হাতোৰা। উত্তৰ লখিমপুৰ নগৰৰ চানমাৰিৰ গৰিয়াজানত দীৰ্ঘদিন ধৰি অবৈধভাৱে বসবাস কৰি আছিল পৰিয়াল কেইটাই।

    উত্তৰ লখিমপুৰ পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড হিচাপে থকা এই স্থানত পৰিয়ালকেইটাই অবৈধভাৱে বাস কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰশাসনে চলালে উচ্ছেদ অভিযান। উচ্ছেদ অভিযানৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷

    উচ্ছেদিত লোকসকলে প্ৰশাসনৰ লোকক উচ্ছেদ অভিযানত বাধা প্ৰদান কৰে। নিজৰ সপোনৰ ঘৰখন ভাঙি পেলোৱাৰ বাবে উচ্ছেদস্থলীত মাটিত বাগৰি বাগৰি হিয়া ঢাকুৰি কান্দে উচ্ছেদিত লোকসকলে।

    উচ্ছেদ অভিযানৰ দৃশ্য

    পৰিস্থিতি অতি বিষম হৈ পৰাত জিলা প্ৰশাসনে আৰক্ষী আৰু চি আৰ পি এফ বাহিনী মোতায়ন কৰি জেচিবিৰে এফালৰ পৰা ভাঙি চূৰমাৰ কৰে ঘৰসমূহ। নিজৰ আপোন ঘৰখন হঠাৎ এনেকৈ হেৰুৱাই কান্দোনত ভাগি পৰাৰ লগতে পুনঃসংস্থাপনৰ দাবী জনাইছে উচ্ছেদিত লোকসকলে৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং